ETV Bharat / state

চৰকাৰে নহয়, ব্যক্তিগত প্ৰতিষ্ঠানেহে নিৰ্মাণ কৰিলে বিদ্যালয় - Khalsa Center Northeast

মৰিগাঁৱত বানপানীয়ে বিধ্বস্ত কৰা এখন বিদ্যালয় নতুনকৈ স্থাপন কৰিলে Khalsa Center Northeast নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সদস্য় সকলে ৷

SCHOOL BUILD
চৰকাৰে নহয় মৰিগাঁৱত ব্যক্তিগত প্ৰতিষ্ঠানে নিৰ্মাণ কৰিলে বিদ্যালয়
author img

By

Published : Dec 27, 2020, 6:23 PM IST

মৰিগাঁও,27 ডিচেম্বৰঃ উল্লেখ্য যে ২০১৮ বৰ্ষত ব্ৰহ্মপুত্ৰৰ প্ৰৱল সোঁতে নিমিষতে বিধ্বস্ত কৰিছিল মৰিগাঁও জিলাৰ দক্ষিণ টেঙাগুৰি প্ৰাথমিক বিদ্যালয় খনৰ লগতে বহু লোকৰ ঘৰ দুৱাৰ তথা বহু কৃষিভূমি । ইফালে বিদ্যালয়খন বানে উটুৱাই নিয়াৰ ফলত দীৰ্ঘ দিন ধৰি জুপুৰি ঘৰ তথা ৰ'দ,বৰষুণৰ মাজতে পাঠদান গ্ৰহণ কৰিবলগীয়া হৈছে কণ কণ ছাত্র-ছাত্ৰী সকলে ।

SCHOOL BUILD
চৰকাৰে নহয় ব্যক্তিগত প্ৰতিষ্ঠানে নিৰ্মাণ কৰিলে বিদ্যালয় গৃহ

আনহাতে বিদ্যালয়খন মেৰামতিৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সহায়ৰ বাবে আগবাঢ়ি আহিল মৰিগাঁৱৰ Khalsa Centre Northeast নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্য সকলে ৷ সংগঠনটোৰ সদস্য সকলে বিদ্যালয় গৃহটি পুনৰ নিৰ্মাণ কৰি অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে পাঠ গ্ৰহণ কৰাৰ বাবে সুবিধা কৰি দিয়ে।

দেওবাৰে নৱ নিৰ্মিত বিদ্যালয় গৃহটো শুভ উদ্বোধনীৰ এক অনুষ্ঠান অনুস্থিত হয় ৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও জিলা শিক্ষা বিষয়া কমল জ্যোতি গগৈৰ লগতে প্ৰাথমিক শিক্ষা বিষয়া হোমেশ্বৰ কেওট, বহুকেইখন বিদ্যালয়ৰ একাংশ শিক্ষকৰ লগতে Khalsa Centre Northeast ৰ বিষয়-ববীয়া সকল । স্বেচ্ছাসেৱী সংগঠনটোৰ এনে মহানুভৱতাক মৰিগাঁও জিলা শিক্ষা বিভাগৰ লগতে স্থানীয় ৰাইজে কৃতজ্ঞতা জ্ঞাপন কৰে ।

লগতে পঢ়ক- সৰিয়হৰ হালধীয়াৰে উপচিছে সোৱণশিৰি-ৰঙানদীৰ দুয়োপাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.