গুৱাহাটী,16 এপ্ৰিল: কৰ'ণা ভাইৰাছৰ অৱস্থিতি সন্দৰ্ভত স্বাস্থ্য বিভাগৰ দ্বাৰা ৰেড জ'ন হিচাপে ঘোষিত মৰিগাঁও জিলাত পুনৰ ধৰা পৰিছে দুজন ক'ভিড 19 ত আক্ৰান্ত লোক ৷ বৃহস্পতিবাৰে বিয়লি 5 বজাত নিজৰ টুইটাৰ যোগে এই কথা প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷
উল্লেখ্য যে, তথ্য অনুসৰি নিজামুদ্দিন ফেৰৎ লোকৰ সংস্পৰ্শলৈ আহিছিল নতুনকৈ কৰ'ণা পজিটিভ ধৰা পৰা এই দুয়োজন লোক ৷ এই দুজন লোক পজিটিভ বুলি ধৰা পৰাৰ পিছত বৰ্তমানলৈ ৰাজ্যত ক'ভিড 19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পালে 34 জনলৈ ৷