ধিং, 29 মে’: ড্ৰাগছ ব্যৱসায়কে ধৰি বিভিন্ন অপৰাধমূলক কাম কাজৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে মৈৰাবাৰীৰ আৰক্ষীয়ে ৷ শনিবাৰে মৈৰাবাৰী চহৰ এলেকাৰ কালিবাড়িৰৰ সমীপৰ পৰা দুজন ড্ৰাগছ আসক্ত যুৱকক আটক কৰে ৷ ড্ৰাগছ সেৱন কৰি থকা অৱস্থাতে এটা ড্ৰাগছৰ কন্টেইনাৰসহ যুৱক দুজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।
জানিব পৰা মতে, ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত ৰাইজে প্ৰথমে যুৱক দুজনক প্ৰত্যক্ষ কৰি মৈৰাবাৰী আৰক্ষীক খবৰ দিয়ে । পৰৱৰ্তী সময়ত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ইমান আলি আৰু কৃষ্ণ দাস নামৰ ড্ৰাগছ আসক্ত যুৱক দুজনক আটক কৰি থানালৈ লৈ যায় ৷ সম্প্ৰতি আৰক্ষীয়ে আটকাধীন যুৱক দুজনক সোধ পোছ অব্যাহত ৰাখিছে ।
উল্লেখ্য যে, দীৰ্ঘ দিন ধৰি অঞ্চলটোৰ কেইবাজনো ড্ৰাগছ ব্যৱসায়ীয়ে এনে ড্ৰাগছকে আদি কৰি অন্য নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া বেহা চলাই আহিছে । শেহতীয়াভাৱে মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জীৱন মাৰাকে নতুনকৈ যোগদান কৰিয়েই কেইবাটাও ড্ৰাগছৰ ঘাটি উৎখাত কৰাৰ লগতে কেইবাজনো অপৰাধীক জেল হাজোতলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক: নগাঁৱক ড্ৰাগছমুক্ত কৰিবলৈ যিকোনো পন্থা অৱলম্বন কৰিব আনন্দ মিশ্ৰই