ETV Bharat / state

কি বিশেষ ঘোষণা হ’ব আছুৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশনৰ দ্বিতীয় দিনা! - 18th session of AASU

আছুৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশনৰ আজিৰ দ্বিতীয় দিন ৷ উদুলি-মুদুলি আছুৰ মৰিগাঁও অধিৱেশনস্থলী ৷ মৰিগাঁওবাসীক ধন্যবাদ জ্ঞাপন আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ ৷

18th session of AASU underway in Morigaon
আছু সংবিধানৰ দ্বাৰা পৰিচালিত হ'ব
author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 10:23 AM IST

আছু সংবিধানৰ দ্বাৰা পৰিচালিত হ'ব

মৰিগাঁও, 22 নৱেম্বৰ : আছুৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশনৰ আজিৰ দ্বিতীয় দিন ৷ মঙলবাৰৰ পৰা মৰিগাঁও সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত আছুৰ কেন্দ্ৰীয় অধিৱেশনৰ প্ৰথম নিশা বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয় ৷ আনহাতে নিশা লোকে লোকাৰণ্য হৈ পৰিল আছুৰ অধিৱেশনস্থলী ৷

ৰাজ্যৰ প্ৰায় দহ সহস্ৰাধিক ছাত্ৰ প্ৰতিনিধিৰ উপস্থিতিৰ লগতে ৰাইজৰ বিপুল সঁহাৰিয়ে আছুৰ কেন্দ্ৰীয় অধিৱেশনখন অনুষ্ঠিত কৰাত সাফল্য মণ্ডিত কৰি তুলিব বুলি উল্লেখ কৰাৰ লগতে ৰাইজক অধিক সহযোগ কৰিবলৈ আহ্বান জনাই মৰিগাঁও জিলাৰ আছু সভাপতি দিপুল কুমাৰ নাথে ৷ আনহাতে অধিৱেশনৰ প্ৰথম নিশা অধিৱেশনস্থলীত উপস্থিত হৈ মৰিগাঁও ৰাইজৰ সহযোগিতাৰ বাবে মৰিগাঁওবাসীক ধন্যবাদ জ্ঞাপন কৰে আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই ৷

আছু সংবিধানৰ দ্বাৰা পৰিচালিত হ'ব

তেওঁ কয়, ‘‘ মৰিগাঁওবাসীৰ বুকুৰ উমেৰে সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ মৰিগাঁও অধিৱেশন আৰম্ভ হৈছে । সেয়ে মৰিগাঁও ৰাইজৰ শ্ৰী চৰণত প্ৰণিপাত জনাইছোঁ । অসমীয়া জাতীয় জীৱনৰ শৈক্ষিক, সামাজিক, অৰ্থনৈতিক সংকটৰ সময়ত ঠিয় দিব পৰা কৈ আৰু আছুৰ সাংগঠনিক দিশ শক্তিশালি কৰাত মৰিগাঁও অধিৱেশনে সদায় মাইলৰ খুঁটি হিচাপে বিবেচিত হ'ব ।’’

আনহাতে নিশা অনুষ্ঠিত আছুৰ কাৰ্যনিৰ্বাহ সভাৰ সন্দৰ্ভত তেওঁ কয় যে, সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধানৰ দ্বাৰা পৰিচালিত হ'ব ৷ সংবিধানে যি ক’ব সেই অনুসৰিয়ে আগন্তুক সময়ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে বৰুৱাই ৷ আনহাতে বয়স বিতৰ্কৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত পোনপটীয়াকৈ উত্তৰ নিদি সংবিধানে যি কয় সেই অনুসৰিয়ে হ’ব বুলি উল্লেখ কৰে বৰুৱাই ৷ আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ বয়স বিৰ্তকৰ সন্দৰ্ভতো কৌশল পূৰ্ণ মন্তব্য কৰে ছাত্ৰ নেতাগৰাকীয়ে । তেওঁ কয়, ‘‘কাইলৈ অধিৱেশনত তেওঁ ৰাজহুৱাকৈ নিজৰ ব্যক্তিগত সিদ্ধান্ত প্ৰকাশ কৰিব ৷ এই ক্ষেত্ৰত আছুৰ কোনো ভূমিকা নাই ৷’’

লগতে পঢ়ক:লোকাৰণ্য সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশনথলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.