মৰিগাঁও, 23 নৱেম্বৰ: অসম নিৰ্বাচনী আয়োগক প্ৰত্যাহ্বান জনাই সদৌ তিৱা ছাত্ৰ সন্থাৰ সোমবাৰে 12 ঘণ্টীয়া মধ্য অসমৰ বন্ধৰ আহ্বান জনাইছে । তিৱা ছাত্ৰ সন্থাৰ লগতে আন আন তিৱা জাতীয় সংগঠনে 124 খন তিৱা অধ্যুষিত গাঁৱৰ অন্তভুৰ্ক্ত কৰা,তিৱা স্বায়ত্ব পৰিষদৰ ভোটাৰ তালিকা সংশোধন কৰা, সঠিক সংৰক্ষণ নকৰা পৰ্যন্ত তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন বিৰোধিতা কৰি থকাৰ সময়তে হঠাতে অসম নিৰ্বাচনী আয়োগে পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাত ক্ষুব্ধ হৈ পৰিছে ভূমিপুত্ৰ তিৱাসকল। সেয়েহে সদৌ তিৱা ছাত্ৰ সন্থাই নিৰ্বাচনৰ বিৰোধিতা কৰি আজি অসম বন্ধৰ দৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। মধ্য অসম বন্ধৰ আহ্বানত তিৱা ছাত্ৰ সন্থাকে ধৰি আন আন সহযোগী সংগঠনসমূহে যান বাহনত পোষ্টাৰিং কৰি মধ্য অসমৰ সকলো দল সংগঠন তথা ৰাইজক সহযোগিতা কৰাৰ আহ্বান জনাইছে ৷
![12 hour assam bandh imopsed by tiwa satra santha](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-mrg-22nd-nov-tiwabondh-rtu-vis-img-bt-as10005_22112020222739_2211f_02560_926.jpg)
লগতে পঢ়ক: তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক