মৰিগাঁও, 5 মে': সমগ্ৰ ৰাজ্যতে ভয়াৱহভাৱে বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা ৷ আন আন জিলা সমূহৰ দৰে মৰিগাঁও জিলাতো বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা ৷ মঙলবাৰৰ দিনটোত জিলাখনত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে শতকৰ ঘৰ ৷ বিগত এপ্ৰিল মাহৰ পৰা জিলাখনত মুঠ 38,355 গৰাকী লোকক পৰীক্ষা কৰা হৈছিল যদিও 795 গৰাকী লোকৰ দেহত ধৰা পৰিছিল কৰ'ণাৰ উপস্থিতি ৷
শেহতীয়াভাৱে, মঙলবাৰে জিলাখনৰ বিভিন্ন ঠাইত 1571 টা পৰীক্ষা সম্পন্ন কৰা হয় যদিও 101 এজনৰ দেহত ধৰা পৰে কৰ'ণাৰ উপস্থিতি ৷ আনহাতে চৰকাৰী সূত্ৰই প্ৰকাশ কৰা তথ্য মতে, মঙলবাৰৰ দিনটোলৈকে 609 গৰাকী আক্ৰান্ত হোম আইচ'লেচনত থকাৰ লগতে 41 গৰাকী আক্ৰান্ত চিকিৎসাধীন আৰু 24 গৰাকী আক্ৰান্তই আৰোগ্য লাভ কৰিছে ৷ ইয়াৰ লগতে বিগত 24 ঘন্টাত সংক্ৰমণৰ হাৰ 6.4(RAT)। আনহাতে, RAT+RTPCRৰ হাৰ 2.0 বুলি সদৰী কৰিছে জিলা স্বাস্থ্য বিভাগে।
লগতে পঢ়ক: ৰাজ্যবাসীৰ সমুখত ক’ভিড সম্পৰ্কীয় নতুন নিৰ্দেশাৱলী