ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ সত্ৰাধিকাৰৰ উৰুখা পঁজাত জুবিন

এখন বিশেষ ঘৰ, আচলতে ঘৰ নহয় জৰাজীৰ্ণ উৱলি যোৱা এটা জুপুৰী । ৰ'দ বৰষুণ বা ধুমুহাক সুৰক্ষা দিব নোৱাৰা ঘৰটোত বৃহস্পতিবাৰে উপস্থিত হয় অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ৷ কিন্তু কিয় হঠাৎ উপস্থিত হ’ল শিল্পীগৰাকী ৷

author img

By

Published : Jun 7, 2019, 11:42 AM IST

মাজুলীত জুবিন গাৰ্গ, সত্ৰাধিকাৰৰ উৰুখা প্ৰজাত শিল্পীগৰাকী

মাজুলী, 7 জুনঃ সত্ৰভূমি মাজুলীৰ এখন ঐতিহাসিক সত্ৰৰ এগৰাকী সত্ৰাধিকাৰৰ এইটো ভগা জুপুৰী । যোৱা ২ জুনত এইগৰাকী সত্ৰাধিকাৰৰ সংগ্ৰাম আৰু দাৰিদ্ৰতাই শীৰ্ণ কৰা জীৱনৰ বাতৰি প্ৰকাশ পাইছিল ইটিভি ভাৰত অসমত ৷ ইয়াৰ পাচতেই নৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গকো জোঁকাৰি গৈছিল এই সংবাদে । ইয়াৰ পাচতেই বৃহস্পতিবাৰে বিয়লি উপস্থিত হয় মাজুলী দলনি চামগুৰি সত্ৰৰ সত্ৰাধিকাৰৰ গৃহত । সত্ৰাধিকাৰৰ গৃহত উপস্থিত হৈ জুবিনে প্ৰতিশ্ৰুতি দিলে সত্ৰাধিকাৰ গৰাকীক সহায় কৰাৰ কথা । লগতে চৰকাৰ তথা ৰাইজকো এই ক্ষেত্ৰত দৃষ্টি দিবলৈ আহ্বান জনায় কণ্ঠশিল্পীগৰাকীয়ে ৷

মাজুলীত জুবিন গাৰ্গ, সত্ৰাধিকাৰৰ উৰুখা প্ৰজাত শিল্পীগৰাকী

সুদূৰ গুৱাহাটীৰ পৰা জুবিন গাৰ্গে সত্ৰাধিকাৰৰ খবৰ লোৱাৰ বিপৰীতে এগৰাকী সাংস্কৃতিক কৰ্মী মাজুলী জিলা প্ৰশাসনৰ মূৰব্বী হৈ থকাৰ পাছটো কোনো এজন লোকে খবৰ ল’বলৈ আহৰি নোহোৱাটোৱে এতিয়া সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ ৷

বাতৰি প্ৰকাশৰ পাচতো মাজুলী প্ৰশাসনে গুৰুত্ব নিদিয়াত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মাজুলীৰ সৰ্বত্ৰে ৷ দৰিদ্ৰতাই কোঙা কৰা সত্ৰাধিকাৰ গৰাকীয়ে জুবিন গাৰ্গ আহি তেখেতৰ গৃহত উপস্থিত হোৱাত আনন্দিত হৈ এখন ফুলাম গামোচাৰে সম্ভাষণ জনায় ।

ইটিভি ভাৰতৰ  বাতৰিৰ পাছতেই সত্ৰাধিকাৰ ৰ উৰুখা প্ৰজাত জুৱিন গাৰ্গ।।    

intro... এখন  বিশেষ ঘৰ, আচলতে ঘৰ নহয় জৰাজীৰ্ণ উৱলিযোৱা এটা জুপুৰি। ৰ'দ বৰষুণ বা ধুমুহাক সুৰক্ষা দিব নোৱাৰা ঘৰটোত বৃহস্পতি বাৰে উপস্থিত হল অসমৰ অসমীয়াৰ হিয়াৰ আমঠু এগৰাকী বিশেষ ব্যক্তি। কিন্তু কিয়, কত, কোন উপস্থিত হল চাওঁক আমাৰ এক প্ৰতিবেদন- ---
VO.... প্ৰথমে মন কৰক এই বিশেষ ঘৰখন। সত্ৰভূমি মাজুলীৰ এখন ঐতিহাসিক সত্ৰৰ এগৰাকী সত্ৰাধিকাৰ এইটো ভগা জুপুৰি। যোৱা ২ জুনত এইগৰাকী সত্ৰাধিকাৰৰ সংগ্ৰাম আৰু দাৰিদ্ৰতাই শিৰ্ণ কৰা জীৱন অতিক্ৰমা প্ৰকাশ কৰিছিলো ইটিভি ভাৰতত। সেই সংবাদে অসমৰ প্ৰতিগৰাকি সংবেদনশীল লোকৰে মনোজগতক জোকাৰি গৈছিল। 
  হয়, নৱ প্ৰজন্মৰ হাৰ্টথক জুবিন গাৰ্গকো জাকাৰি গৈছিল সেই সংবাদে। অতন্ত ব্যস্ত গায়ক গৰাকী যোৱা বৃহস্পতি বাৰে গধুলি আহি উপস্থিত হয় মাজুলী দলনি চামগুৰি সত্ৰৰ এই গৰাকী সত্ৰাধিকাৰৰ গৃহত। সত্ৰাধিকাৰৰ গৃহ উপস্থিত জুবিনে প্ৰতিশ্ৰুতি দিলে সত্ৰাধিকাৰ গৰাকীক সহায়ৰ। চৰকাৰৰ প্ৰতিও আহ্বান সত্ৰ খনৰ বাবে চৰকাৰে কিবাএটা কৰক।

  বাইট--- জুবিন।

 সুদুৰ গুৱাহাটীৰ পৰা আহি জুবিনে এই গৰাকী সত্ৰাধিকাৰৰ খবৰ লোৱাৰ বিপৰিতে এগৰাকী সাংস্কৃতিক কৰ্মী মাজুলী জিলা প্ৰশাসনৰ মুৰব্বী হৈ থকাৰ পাছটো নিজে বা প্ৰশাসনৰ কোনো লোকক পথাই এবাৰো খৱৰ লবলৈ আহৰি নোলাল মাজুলী জিলা প্ৰশাসনৰ।

দৰিদ্ৰতাই কোঙা কৰা সত্ৰাধিকাৰ গৰাকীয়ে জুবিন গাৰ্গ আহি তেখেতৰ গৃহত উপস্থিত হোৱাত আনন্দিত হৈ এখন ফুলাম গামোচাৰে সম্ভাষণ জনাই। ইফালে সত্ৰাধিকাৰ গৰাকীয়ে সংবাদ মাধ্যমক বিশেষকৈ ইটিভি ভাৰতক ক ভূয়সী প্ৰশংসা কৰে।

 বাইট-- সত্ৰাধিকাৰ।।          
    
বাতৰি প্ৰকাশ পোৱাৰ পাছতো মাজুলী প্ৰশাসনে গুৰুত্ব নিদিয়াতো মাজুলী সৰ্বত্তে গৰিহনা দিছে। 

মাজুলীৰ পৰা যদুমণি শইকীয়া ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.