ETV Bharat / state

হিন্দী আইটেম নাম্বাৰৰ তালত সত্ৰীয়া নৃত্য কৰি বিতৰ্কত দুই যুৱক

হিন্দী ভাষাৰ আইটেম নাম্বাৰৰ তালে তালে গুৰজনাৰ কালজয়ী সৃষ্টি সত্ৰীয়া নৃত্যৰ ভংগিমাক ব্যৱহাৰ কৰি বিতৰ্কৰ সৃষ্টি কৰিলে দুই যুৱকে ৷ এই ঘটনাত জাঙুৰ খাই উঠিছে ৰাজ্যৰ সত্ৰীয়া সংস্কৃতিৰ সাধকসকল ৷

author img

By

Published : Jul 15, 2021, 7:03 PM IST

youth-made-controversy-using-hindi-item-number-with-satriya-dance
হিন্দী আইটেম নাম্বাৰৰ তালত সত্ৰীয়া নৃত্য কৰি বিতৰ্কত দুই যুৱক

মাজুলী, 15 জুলাই : পুনৰ ৰাজ্যত সংঘটিত হ’ল গুৰুজনাৰ সৃষ্টিৰাজিক অপমান কৰাৰ ঘটনা ৷ হিন্দী ভাষাৰ এক আইটেম নাম্বাৰ(hindi item number)ৰ তালে তালে অসমীয়া জাতীয় জীৱনৰ দুজনা গুৰুৰ কালজয়ী সৃষ্টি সত্ৰীয়া নৃত্য(satriya dance)ৰ ভংগিমা ব্যৱহাৰ কৰি দুজন যুৱকে সৃষ্টি কৰিছে এই বিতৰ্কৰ ৷ এই ঘটনাৰ পিছত এতিয়া জাঙুৰ খাই উঠিছে ৰাজ্যৰ সত্ৰীয়া সংস্কৃতিৰ সাধক সকল(worshiper of satiya culture) ৷

মন কৰিব লগীয়া যে, সময়ে সময়ে ৰাজ্যৰ এচাম নতুন প্ৰজন্মই গুৰু দুজনাৰ সৃষ্টি ৰাজি তথা জাতীয় জীৱনৰ মহান মনিষী সকলৰ কালজয়ী সৃষ্টি সমূহক বিকৃত কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ এনে সময়তে, গুৱাহাটীৰ বাসিন্দা দীপজ্যোতি আৰু দীপাংকৰ নামৰ এই যুৱক দুজনে 'পানী পানী' শীৰ্ষক হিন্দী ভাষাৰ আইটেম নাম্বাৰ এটাৰ তালত সত্ৰীয়া নৃত্যৰ মুদ্ৰা ব্যৱহাৰ কৰাকলৈ তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে বিভিন্ন গৰাকী সত্ৰীয়া সংস্কৃতিৰ সাধকে ৷

গুৰুজনাৰ সত্ৰীয়া নৃত্যৰ ওপৰত অস্ত্ৰোপচাৰ চলোৱা ধৰণৰ এনে কাণ্ডক আন সকলৰ লগতে সংগীত নাটক একাডেমী বঁটা(Sangeet natak academy award) প্ৰাপক হৰিচৰন ভূঞা বৰবায়নেও নিন্দনীয় আখ্যা দি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

উল্লেখ্য যে, গুৰুজনাৰ সৃষ্টিৰাজিত তাল মান লয়ৰ তিলমান ভুল হ'লেও অপৰাধ বুলি গণ্য কৰে সত্ৰীয়া সাধক সকলে । সেই সৃষ্টিক এতিয়া এইদৰে ভেঙুচালি কৰিলে জগত গুৰুক এই অপমান সহ্যৰ বাহিৰত বুলি উল্লেখ কৰে মাজুলীৰ বহু কেইখন সত্ৰৰ বৈষ্ণৱ পণ্ডিত(vaishnav pundits) সকলে। সত্ৰীয়া নৃত্য কিছুমান নিজস্ব বৈশিষ্ট্য আছে সেই নিজস্ব বৈশিষ্ট্যৰ সৈতে সত্ৰীয়া নৃত্যক নিজৰ স্থানত ৰাখিব দিব লাগে বুলিও তেওঁলোকে মত পোষণ কৰিছে । ইয়াৰ লগতে, সস্তীয়া জনপ্ৰিয়তা বাবে পুনৰ এনে ধৰণৰ কাম নকৰাৰ বাবেও যুৱক দুজনক তেওঁলোকে সকীয়াই দিছে ৷

লগতে পঢ়ক : অসমৰ গো-সংৰক্ষণ বিধেয়কে উত্তৰ-পূৱত আশাহত কৰিব নেকি বিজেপিক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.