ETV Bharat / state

স্বামীৰ জীৱন বচাবলৈ সন্তানক বিক্ৰী মাতৃৰ ! - মটৰ চাইকেল দুৰ্ঘটনা

কিমান যন্ত্ৰণাৰ বাবে এগৰাকী মাতৃয়ে নিজৰ সন্তানক বিক্ৰী কৰি স্বামীৰ জীৱন বচাবলৈ যত্ন কৰিব পাৰে ? মাজুলীৰ শুকানসূঁতি গাঁৱৰ এগৰাকী মহিলাৰ জীৱনলৈ নামি অহা অন্ধকাৰৰ কথা শুনিলে অন্তৰ উচুপি উঠিব আপোনাৰো !

women going to be sale her child for husband's treatment
স্বামীৰ জীৱন বচাবলৈ সন্তানক বিক্ৰী কৰিবলৈ আগবাঢ়িছে মাতৃ
author img

By

Published : Feb 28, 2021, 1:34 PM IST

মাজুলী,28 ফেব্ৰুৱাৰী: মাজুলীৰ শুকানসূঁতি গাঁৱৰ এগৰাকী মহিলাৰ জীৱনলৈ নামি অহা অন্ধকাৰৰ কথা শুনিলে প্ৰতিগৰাকী হৃদয়ৱান ব্যক্তিৰ অন্তৰ উচুপি উঠিব ৷

মহিলাগৰাকীৰ একমাত্ৰ উপাৰ্জনক্ষম স্বামীৰ এক মটৰ চাইকেল দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ চিকিৎসাৰ বাবে নিয়াৰ পাছত দৰিদ্ৰ পৰিয়ালটোৰ মুৰত সৰগ ভাগি পৰিছে । ঘৰৰ মাটি-বাৰী, গৰু-ছাগলী সকলো বিক্ৰী কৰি পোৱা ধনেৰে স্বামীৰ চিকিৎসা কৰি থকা মহিলাগৰাকীৰ বৰ্তমান ঘৰৰ ভেটিটো আৰু আঢ়ৈ বছৰীয়া ছোৱালীজনীৰ বাদে একো নাই !

স্বামীৰ চিকিৎসা ব্যয়ৰ বাবে যথেষ্ট আৰ্থিক অসুবিধাত পৰা মহিলাগৰাকীয়ে অজিৎ সিং ৰাজপুত নামৰ ব্যক্তিজনক সুস্থ কৰি অনাৰ বাবে আন একো উপায়হীন হৈ জীয়াই থকাৰ শেষ সম্বল আঢ়ৈ বছৰীয়া কন্যাজনীকে বিক্ৰী কৰিবলৈ আগবাঢ়িছে ।

এফালে স্বামীক সুস্থ কৰি অনাৰ চিন্তা আৰু আনফালে সন্তানক বিক্ৰী কৰিবলৈ ওলোৱা বেদনাই ভাৰাক্ৰান্ত কৰি তোলা মহিলাগৰাকীক প্ৰয়োজন অকণমান সহায়ৰ । আপোনাৰ সামান্য আৰ্থিক সহায়ৰ বাবে দুৰ্ভগীয়া পৰিয়ালটোৰ জীৱনলৈ হাঁহি ঘূৰাই আনিব পৰা যাব ।

মহিলাগৰাকীয়ে সংবাদ মাধ্যমৰ যোগেদি মুখ্যমন্ত্ৰী আৰু অসমৰ ৰাইজলৈ কাতৰ আহ্বান জনাই আৰ্থিক সাহায্য বিচাৰিছে । কোনো হৃদয়বান ব্যক্তিয়ে মহিলাগৰাকীক সহায় কৰিব বিচাৰিলে 9101342037 নম্বৰত যোগাযোগ কৰিব পাৰিব ৷

লগতে পঢ়ক: মৰাণত চিলাৰায় দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.