মাজুলী,25 অক্টোবৰঃ দুদিনীয়া ভ্ৰমণ সুচীৰে শুকুৰবাৰে পুৱাই মাজুলীত আহি উপস্থিত হয় জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত ৷ পুৱাৰ ভাগত মন্ত্ৰী গৰাকীয়ে দক্ষিণ আহত গুৰিৰ ফুৰফুৰিয়া চাপৰি, বিলতিয়া, চৰাইচাপৰি, ধোদাং আদি অঞ্চলত নাৱেৰে খহনীয়া পৰিৰ্দশন কৰে ৷ ইয়াৰ পিছতেই মন্ত্ৰীজনে বিয়লি মাজুলীত উপস্থিত হৈ উজনি মাজুলীৰ জেংৰাইমুখ, মঘুৱাচুকৰ লুইত আৰু সোৱণশিৰিয়ে সৃষ্টি কৰা প্ৰলয়ংকাৰী খহনীয়া অঞ্চল পৰিৰ্দশন কৰে ৷ মন্ত্ৰীগৰাকীয়ে অতি কম সময়ৰ ভিতৰত পাৰ্ককলন প্ৰস্তুত কৰি খহনিয়া প্ৰতিৰোধৰ বিহিত ব্যৱস্থা গ্ৰহন কৰিব বুলি আশ্বাস দিয়ে ৷ জলসম্পদ বিভাগে মাজুলীত কেইবা কোটি টকাৰে নিৰ্মাণ কৰি থকা জলসম্পদ কাৰ্যালয়ত নিৰ্মীয়মাণ অৱস্থাতে ফাট মেলাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্ন উত্তৰত শনিবাৰে পুৱাই কাৰ্যালয় পৰিদৰ্শন কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে ৷
আৰু পঢ়ক