ETV Bharat / state

মাজুলীত উষ্ম আদৰণী বিজেপি প্ৰাৰ্থী ভূৱন গামক

মাজুলীত উপস্থিত বিজেপি প্ৰাৰ্থী ভূৱন গাম ৷ সমষ্টিবাসীয়ে জনালে উষ্ম আদৰণী (warm welcome to bjp candidate Bhubhan Gam) ৷

author img

By

Published : Feb 15, 2022, 11:45 AM IST

Majuli people warm welcome to BJP candidate Bhubhan Gam
মাজুলীত উষ্ম আদৰণী বিজেপি প্ৰাৰ্থী ভূৱন গামক

মাজুলী, 15 ফেব্ৰুৱাৰী : মাজুলীৰ উপ নিৰ্বাচনৰ বাবে বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম(Majuli By Election 2022) । বহু জল্পনা-কল্পনাৰ অন্তত ভূৱন গামৰ ওপৰতে আশ্বাস ৰাখে বিজেপিৰ হাইকামাণ্ডে(BJP Nominates Bhubhan Gam For Majuli ByPol) । উল্লেখ্য যে, বিজেপিয়ে তিনিজনীয়া প্ৰাৰ্থীৰ নাম দিল্লীলৈ প্ৰেৰণ কৰিছিল । তাৰ পিছতেই কেন্দ্ৰই মোহৰ মাৰিলে ভূৱন গামৰ নামত । বৰ্তমান ভূৱন গাম মাজুলীৰ প্ৰক্ষেপিত প্ৰাৰ্থী । বহু সমস্যাৰে জৰ্জৰিত মাজুলীত বিজেপিয়ে কাক প্ৰাৰ্থী হিচাপে নিৰ্বাচন কৰিব তাক লৈ বিভিন্ন চৰ্চা চলি থকাৰ মাজতেই নিশ্চিত হ’ল ভুৱন গামৰ নাম ।

ইফালে মঙলবাৰে পুৱাই মাজুলীত উপস্থিত হয় মাজুলীৰ উপ নিৰ্বাচনৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভূৱন গাম (Warm welcome to BJP candidate bhubhan gam) ৷ ঢকুৱাখনা মাজুলী সীমান্তত উপস্থিত হোৱা বিজেপি প্ৰাৰ্থী ভুৱন গামক আদৰিবলৈ পুৱাই ঢকুৱাখনা মাজুলী সীমান্তত উপস্থিত হয় শতাধিক দলীয় কৰ্মী । মাজুলীৰ বিভিন্ন স্থানত ভূৱন গামক আদৰিবলৈ লগোৱা হৈছে আদৰণি টোৰণ ৷

মাজুলী ঢকুৱাখানা সীমান্তৰ বকুল গুৰিত ভূৱন গামক উষ্ম আদৰনি জনাই মাজুলীবাসীয়ে । মিচিং বিহুকে ধৰি মাজুলীৰ জাতি জনগোষ্ঠীৰ গীত নৃত্য কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক আদৰনি জনোৱা হয় । ৰাইজৰ এই উৎসাহ দেখি আবেগিক হৈ পৰে ভুৱন গাম ।

উল্লেখ্য, এই অনুষ্ঠানত অংশগ্ৰহণ কৰে বিতোপন দলে, দেৱজিত পাটিৰে ৷ ৭ মাৰ্চত মাজুলীত হ’বলগীয়া উপনিৰ্বাচনক লৈ অৱশ্যে এতিয়ালৈকে অন্যদল সমূহে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই । অন্যহাতে মাজুলীৰ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব ৯ মাৰ্চত ।

লগতে পঢ়ক : মাজুলীত কেনেকৈ সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী হ’ল ভুৱন গাম ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.