ETV Bharat / state

Raas purnima 2022: মাজুলীত ভিৰ দেশী-বিদেশী পৰ্যটকৰ - মাজুলীয়াল আজি ব্যস্ত

‘‘আহা সখী আহা বাই বৃন্দাবনে যাও, বজাইছে মোহন বংশী নয়ন ভৰি চাও...’’ আজি ৰাস মহোৎসৱ ৷ শ্ৰীকৃষ্ণৰ বৰ্ণনাত মুখৰিত ৰাজ্যৰ চৌদিশ ৷ ৰাসৰ বাবে মাজুলীলৈ ইতিমধ্যে আগমন ঘটিছে বহু দেশী-বিদেশী পৰ্যটকৰ (Tourist gathering Majuli for Raas Mahotsav 2022) ৷ ব্যস্ত মাজুলীয়াল ৷

Raas purnima 2022
আজি ৰাস পূৰ্ণিমা
author img

By

Published : Nov 7, 2022, 2:22 PM IST

মাজুলী, 7 নৱেম্বৰ : আজি ৰাস পূৰ্ণিমা (Raas purnima 2022) ৷ উজনিৰ পৰা পৰা নামনিলৈ কৃষ্ণৰ বন্দনাত এতিয়া সকলো ব্যস্ত ৷ এক প্ৰকাৰে মথুৰা, বৃন্দাবনত পৰিণত হৈছে ৰাজ্যৰ ৰাস মহোৎসৱস্থলীসমূহ ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ৰাসৰ মহা আয়োজন ৷

উল্লেখ্য যে, শ্ৰীকৃষ্ণই কৰা লীলাসমূহৰ ভিতৰত অন্যতম হৈছে ৰাসলীলা ৷ এই ৰাসতেই পৰমাত্মা ৰূপী শ্ৰীকৃষ্ণই গোপীসকলৰ সৈতে ক্ৰীড়া কৰি জীৱ উদ্ধাৰ কৰে ৷ সম্পূৰ্ণ কামভাৱৰ দৰে দৃশ্যমান যদিও ই সম্পূৰ্ণ কামজয়ী লীলা ৷ ৰাস দৰ্শন তথা শ্ৰৱণ কৰিলে মনৰ পৰা কামভাৱ সমূলঞ্চে দূৰ হৈ ভক্তিভাৱ জাগ্ৰত হয় ৷

এনে ৰাস মহাপুৰুষ শংকৰদেৱে কেলিগোপাল নাটৰ জৰিয়তে অসমত নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল ৷

ৰাস বুলি ক’লেই মনলৈ আহে মাজুলীৰ প্ৰতিচ্ছবি ৷ এক প্ৰকাৰে ভক্তিৰসত বুৰ যায় মাজুলী আকাশ-বতাহ ৷ আজি ৰাস পূৰ্ণিমাৰ উদ্দেশ্যে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে সত্ৰ নগৰী মাজুলী ৷ ঐতিহাসিক দক্ষিণ পাট সত্ৰটো পুৱাৰে পৰা এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷

আজি ৰাস পূৰ্ণিমা

লগতে পঢ়ক : Raas mahotsav 2022: কৃষ্ণৰ বন্দনাত মুখৰিত ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰ

দক্ষিণ পাট সত্ৰৰ সত্ৰাধিকাৰগৰাকীয়ে উল্লেখ কৰা অনুসৰি, ঐতিহাসিক সত্ৰখনতেই পোন প্ৰথমে এই ৰাসৰ আৰম্ভণি হৈছিল । যাৰ মাহাত্ম্য সৰ্বজন বিদিত ৷ সেয়ে প্ৰতিবছৰেই ৰাস পূৰ্ণিমাৰ দিনা দক্ষিণপাট সত্ৰত সেৱা ল’বলৈ ভিৰ কৰে আগনন দৰ্শনাৰ্থীয়ে । মাজুলীৰ ৰাস উপলক্ষে বৰ্তমান মাজুলীত ভিৰ কৰিছেহি বহু দেশী-বিদেশী পৰ্যটকে (Tourist gathering Majuli for Raas Mahotsav 2022) ৷

এইবাৰ মাজুলীৰ প্ৰায় 14 খন সত্ৰ আৰু প্ৰায় অদ্ধ শতাধিক ৰংগমঞ্চত অনুষ্ঠিত হ’ব এই ৰাস মহোৎসৱ । বাৰিষাৰ বানে জুৰুলা কৰা পাচত শৰৎ কালৰ এই মধুৰ সময়ত সকলো দুখ বেদনা একাষৰীয়া কৰি মাজুলীৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলো এতিয়া এই ৰাস মহোৎসৱৰ বাবে ব্যস্ত হৈ পৰিছে (Raas preparation in Majuli)। মাজুলীৰ প্ৰায় 14খন সত্ৰ আৰু প্ৰায় অদ্ধ শতাধিক মঞ্চ ইতিমধ্যে সাজু হৈ উঠিছে এই ৰাস মহোৎসৱৰ বাবে । সকলো মাজুলীয়াল আজি ব্যস্ত ।

একপ্ৰকাৰে ক’ব পাৰি যে, বিশ্ববাসীৰ আগত মাজুলীক দুনাই চিনাকী কৰি দিয়াৰ কোনো প্ৰয়োজন নাই ৷ মাজুলীৰ আছে নিজস্ব স্বকীয়তা, নিজস্ব বৈশিষ্ট ৷ সেয়ে সকলোৱে মাজুলীলৈ আহি মাজুলীৰ লগতে মাজুলীৰ ৰাস উপভোগ কৰিবলৈ ঐতিহাসিক দক্ষিণ পাট সত্ৰৰ সত্ৰাধিকাৰগৰাকীয়ে সকলোকে নিমন্ত্ৰণ জনাইছে ৷

লগতে পঢ়ক : Raas mahotsav 2022: শ্ৰীকৃষ্ণৰ প্ৰেমত বুৰ গৈছে মাজুলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.