ETV Bharat / state

Tihar Festival 2023:মাজুলীৰ ফুলনি নেপালী গাঁৱত তিহাৰ উৎসৱ উদযাপন

author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 12:46 PM IST

মাজুলীত ভৈলী গাই আপোন পাহৰা হয় অঞ্চলটোৰ জনগোষ্ঠীটোৰ লোকসকল । আয়তী আৰু যুৱতীৰ নৃত্য-গীতত মুখৰিত হৈ পৰে সমগ্ৰ অঞ্চল ৷

festival of Gorkha people
গোৰ্খা জনগোষ্ঠীৰ জাতীয় উৎসৱ তিহাৰ
গোৰ্খা জনগোষ্ঠীৰ জাতীয় উৎসৱ তিহাৰ

মাজুলী, ১৪ নৱেম্বৰ: এতিয়া উৎসৱৰ বতৰ ৷ উদুলি-মুদুলি হৈ আছে ৰাজ্যৰ চাৰিওকাষৰ পৰিৱেশ ৷ দুৰ্গা পূজাৰ পাচতেই আৰম্ভ হৈছে গোৰ্খা জনগোষ্ঠীৰ পৰম্পৰাগত কৃষিভিত্তিক, সাংস্কৃতিক তথা জাতীয় উৎসৱ তিহাৰ ৷ মাজুলী ১ নং ফুলনি নেপালী গাঁৱত নেপালী সমাজৰ অন্যতম লোক উৎসৱ তিহাৰ উদযাপন ।

অসমৰ সাৰুৱা সাংস্কৃতিক পথাৰখনত পালন কৰি অহা বিভিন্ন উৎসৱৰ ভিতৰত অন্য়তম হৈছে তিহাৰ উৎসৱ ৷ আপাতত, 'তিহাৰ' শব্দটো দেৱালী বা দীপান্বিতা শব্দৰে সমাৰ্থক ৷ এই শাৰদীয় উৎসৱটো পাঁচদিনলৈকে উলহ-মালহেৰে উদযাপন কৰা হয় ৷ এই উৎসৱে কৃষিজীৱী নেপালী ভাষিক লোকসকলৰ ধাৰ্মিক, সামাজিক, সাংস্কৃতিক, লোকবিশ্বাস আৰু আশা-আকংক্ষা আদিকে প্ৰতিফলিত কৰে ৷ গোৰ্খা জনগোষ্ঠীৰ পাঁচদিনীয়াকৈ চলা এই তিহাৰ উৎসৱ ভাতৃ দ্বিতীয়াৰ দিনা সামৰণি পৰিব ৷

দুৰ্গা পূজাৰ পোন্ধৰ দিনৰ পিছত পাঁচ দিন ধৰি পালন কৰি অহা এই উৎসৱটোৰ লগত বিভিন্ন লোক বিশ্বাস, উপখ্যান আদিৰ সম্বন্ধ আছে ৷ লোক-বিশ্বাস মতে ভগৱান ৰামচন্দ্ৰ, সীতা আৰু লক্ষ্মণে চৈধ্য বছৰ বনবাস খাটি ঘৰ-ৰাজ্যমুখী হওঁতে আনন্দত অধীৰ হোৱা অযোধ্যাবাসীয়ে ৰজা ৰামচন্দ্ৰৰ আগমনক আদৰণি জনাই চাকি-বন্তি প্ৰজ্বলন কৰি, গীত- মাতেৰ যি বৰ্ণাঢ্য আয়োজন কৰিছিল; সেই আয়োজনৰ পৰাই দীপান্বিতা তথা তিহাৰ উৎসৱ উদযাপনৰ পৰম্পৰা আৰম্ভ হয় ৷ কৃষ্ণপক্ষৰ অমাৱশ্যা ৰাতি আটাইতকৈ আন্ধাৰ বুলি জনা যায় ৷ সিদিনা সন্ধিয়া এন্ধাৰ ধৰালৈ নামি অহাৰ লগে লগে গাঁৱৰ প্ৰতি ঘৰৰ চৌহদ চাকি-বন্তিৰ পোহৰেৰে উজ্বলি উঠে ৷

লগতে পঢ়ক:Rajasthan Election 2023: অসমৰ ৰাজ্যপালৰ বিৰুদ্ধে নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ; নিৰ্বাচন আয়োগৰ দ্বাৰস্থ বিৰোধী

কৃষ্ণপক্ষৰ অমাৱশ্যৰ নিশা গাঁৱৰ ঘৰ-চৌহদ দীপাৱলীৰ চাকি-বাতিৰে উজলি উঠাৰ লগে লগে গাঁওখনৰ কিশোৰীসকলে দল বান্ধি প্ৰতি ঘৰ-গৃহস্থলৈ গৈ ভৈলী খেলে ৷ কেৱল কিশোৰীসকলেহে ভৈলী খেলে ৷ ভৈলী নৰ্ত্তকীসকলে ভৈলী গীত-মাত, নাচেৰে ভৈলী উপস্থাপন কৰে ৷ ভৈলী নৰ্ত্তকীসকলে পৰিৱেশন সামৰাৰ পিছত গৃহস্থই প্ৰদান কৰা দান-দক্ষিণা গ্ৰহণ কৰি আৰ্শীবাদ দিয়ে ।

লগতে পঢ়ক:Public Protest at Sachal: দীপাৱলীৰ বন্তি জ্বলাই শিলসাঁকোৰ উচ্ছেদিতই কামনা কৰিলে চৰকাৰৰ সুমতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.