ETV Bharat / state

স্থাপনৰ পূৰ্বেই ভূমিহীন হ’ল মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়

মাজুলীত প্ৰস্তাৱিত সাংস্কৃতিক বিশ্ববিদ্যালয় (Cultural University) খনৰ নিৰ্মাণ নৌ হওতেই লুইতৰ বুকুত জাহ গ'ল প্ৰায় 50 বিঘা ভূমি ৷ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে ৰাইজে ৷

author img

By

Published : Jul 5, 2021, 7:36 PM IST

Threat to Majuli Cultural University
স্থাপনৰ পূৰ্বেই ভূমিহীন হ’ল মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়

মাজুলী, 5 জুলাই: মাজুলী ভাৰতৰ প্ৰথমখন নদীদ্বীপ জিলা হিচাপে প্ৰসিদ্ধ ৷ মাজুলীৰ সমৃদ্ধশালী সাংস্কৃতিক তথা আধ্যাত্মিক ঐতিহ্য বিস্তাৰ কৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছিল মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় ৷ চলিত বৰ্ষৰ 2 মাৰ্চত ৰাজ্যৰ সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ বনগাঁৱত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ (Cultural University) শৈক্ষিক কাৰ্যক্ৰমনিকাৰ শুভ উদ্বোধন কৰিছিল ।

মাজুলীৰ প্ৰস্তাৱিত সাংস্কৃতিক বিশ্ববিদ্যালয়খন স্থাপন হোৱাৰ পূৰ্বেই বিশ্ববিদ্যালয়ৰ নামত আৱণ্টিত 102 বিঘাৰ প্ৰায় 50 বিঘা ভূমি ইতিমধ্যে জাহ গৈছে লুইতৰ বুকুত । মাজুলী জিলাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ দিশে আছে প্ৰস্তাবিত সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ 100 বিঘা ভূমি । ইয়াৰে গড়মূৰ নগৰৰ নিচেই কাষতে থকা সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ভূমিখণ্ড ব্ৰহ্মপুত্ৰৰ নদীৰ বুকুত জাহ গৈছে।

নদীখনৰ এই ভয়াবহ খহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত জলসম্পদ বিভাগে বৰ্তমানেও কোনো প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। ফলত এতিয়াও বিঘাই বিঘাই লুইতৰ খহনীয়াত জাহ গৈছে। উক্ত ঘটনাক কেন্দ্ৰ কৰি সাংস্কৃতিক বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগতে স্থানীয় ৰাইজো শংকিত হৈছে ৷ বিশ্ববিদ্যালয় খনৰ উপাচাৰ্য ড৹ ডম্বৰুধৰ নাথে নিজেই খহনীয়া স্থলীত উপস্থিত হৈ পৰিস্থিতি বুজ লয়।

প্ৰাকৃতিক মনোৰম সৌন্দৰ্যৰ মাজতে লুইতৰ দুয়োকাষে সাংস্কৃতিক বিশ্ববিদ্যালয় খন স্থাপন কৰা পৰিকল্পনা কৰা হৈছিল। কিন্তু প্ৰস্তাৱিত বিশ্ববিদ্যালয় খনৰ নিৰ্মাণ নৌ হওতেই বিশ্ববিদ্যালয়খনৰ ভূমিত ভয়ংকৰভাবে খহনীয়া অব্যাহত আছে ৷ এনেকৈ যদি দৈনিক খহনীয়া অব্যাহত থাকে, তেনেহ'লে সাংস্কৃতিক বিশ্ববিদ্যালয়খন নিৰ্মাণৰ পূৰ্বেই বিশ্ববিদ্যালয়ৰ নামত আৱন্টিত ভূমিখণ্ড সম্পূৰ্ণৰূপে জাহ যাব বুলি শংকিত হৈছে ৰাইজ ৷

অতি শীঘ্ৰেই খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে সাংস্কৃতিক বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ লগতে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক-নতুন চৰকাৰৰ দুমাহ নহওঁতেই দুই মন্ত্ৰীৰ বিৰুদ্ধে পদত্যাগৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.