মাজুলী, 20 জুন : মাজুলীৰ সত্ৰাধিকাৰৰ হিয়াভগা কান্দোন শুনিলে জিলা প্ৰশাসনে । উপায়ুক্তৰ নিৰ্দেশত আঁহতগুৰি বৰসত্ৰত উপস্থিত হ’ল প্ৰশাসনৰ এটা দল । নিম্নমানৰ পাৰ্কুপাইনে সুৰক্ষা দিব নোৱাৰে অঞ্চলটো । আতন বুঢ়াগোঁহাইয়ে ৰমানন্দ দ্বিজৰ হতুৱাই প্ৰতিষ্ঠা কৰা মাজুলীৰ একমাত্র কাল সংহতিৰ আঁহতগুৰি বৰসত্ৰখন ৯ বাৰ ভেটি সলাই বিপন্ন হৈ পৰিছিল ।
লাচিত বৰফুকন, উদয়াদিত্য সিংহই শৰণ লোৱা সত্ৰখন খহনীয়াত জাহ জাবলৈ মাত্ৰ ২০০ মিটাৰ বাকী আছিল । শনিবাৰে ইটিভি ভাৰতত প্ৰকাশ পাইছিল সত্ৰাধিকাৰৰ হিয়াভগা কান্দোনৰ এটা বাতৰি ৷ এই বাতৰিৰ পিচতে দেওবাৰে আঁহতগুৰি বৰসত্ৰত উপস্থিত হয় প্ৰশাসনৰ এটা দল । গুৱাহাটীৰ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ দুজনীয়া এটা দলে চাৰ্ভে চলাই অঞ্চলটোত ।
সত্ৰাধিকাৰ ৰূপচন্দ গোস্বামীৰ লগত বাৰ্তালাপ কৰি খহনীয়াৰ পৰিৱেশৰ বুজ লয় । পুনৰ সত্ৰাধিকাৰ গৰাকীয়ে দলটো উপস্থিত থকা অৱস্থাতে খহনীয়াত আত্মজাহৰ কথা উল্লেখ কৰি নিম্নমানৰ পাৰ্কুপাইনৰে খহনীয়া প্ৰতিৰোধ কৰিব নোৱাৰে বুলি উল্লেখ কৰে । দুই নম্বৰী জলসম্পদৰ পাৰ্কুপাইন আঁচনিৰ বিৰুদ্ধে ক্ষোভ উজাৰে সত্ৰাধিকাৰগৰাকীয়ে ৷ লগতে সত্ৰাধিকাৰ গৰাকীয়ে বুৰঞ্জীৰ পাতত আঁহতগুৰিক জীয়াই ৰাখিবলৈ দাবী জনায় ।
এই পৰিস্থিতি দেখি হিয়া ঢাকুৰি কান্দিছে মাজুলীৰ ঐতিহাসিক শ্ৰীশ্ৰীআঁহতগুৰি বৰসত্ৰৰ সত্ৰাধিকাৰ ৰূপচন্দ্ৰ গোস্বামীয়ে ৷ আতন বুঢ়াগোঁহাইয়ে ৰমানন্দ দ্বিজৰ হতুৱাই স্থাপন কৰা আঁহতগুৰি বৰসত্ৰলৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াই আনিছে ব্যাপক ভাবুকি ৷ সত্ৰৰ একেবাৰেই নিচেই ওচৰত ব্যাপক ৰূপ ধাৰণ কৰিছে খহনীয়াই । যদিহে কোনেও এই বিষয়ত গুৰুত্ব প্ৰদান নকৰে, তেতিয়া সত্ৰৰ লাইখুঁটাত ধৰি সপৰিয়ালে লুইতৰ বুকুত আত্মজাহ দিব বুলি হুংকাৰ সত্ৰাধিকাৰ গৰাকীৰ ।
উল্লেখ্য যে, যোগাযোগৰ বাবে সূচল নোহোৱা বাবে সত্ৰলৈ বিভিন্ন লোকৰ আগমণ কমকৈ হয় বুলিও সত্ৰাধিকাৰগৰাকীয়ে প্ৰকাশ কৰে । গতিকে যাতায়াতৰ সূচল হোৱাকৈ এটা পথ নিৰ্মাণ কৰিবলৈও চৰকাৰলৈ অনুৰোধ জনাইছে সত্ৰাধিকাৰগৰাকীয়ে ৷ এই আহ্বানৰ পিচতেই আঁহতগুৰিত এটা প্ৰশাসনৰ দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ।
লগতে পঢ়ক: মাজুলীৰ এগৰাকী সত্ৰাধিকাৰৰ হিয়াভগা কান্দোন