ETV Bharat / state

ধুমুহাত ক্ষতিগ্ৰস্ত পৰিয়ালৰ কাষত 'টীম মাজুলী' - টীম মাজুলী

মাজুলীত 'টীম মাজুলী'য়ে গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ । ধুমুহাই ক্ষতিগ্ৰস্ত কৰা ধোঁৱাচলা গাঁৱলৈ গৈ ক্ষয়-ক্ষতিৰ বুজ লয় 'টীম মাজুলী'ৰ সদস্য-সদস্যা সকলে । লগতে সহায়ৰ হাত আগবঢ়োৱাৰো আশ্বাস দিয়ে ।

TEAM MAJULI DISTRIBUTED MASK
ধুমুহাত ক্ষতিগ্ৰস্ত পৰিয়ালৰ কাষত 'টীম মাজুলী'
author img

By

Published : May 29, 2021, 5:01 PM IST

মাজুলী, ২৯ মে': যোৱা ২৬ মে'ত ৰাজ্যৰ আন আন জিলাৰ লগতে মাজুলীতো বিধ্বংসী ধুমুহাই যথেষ্ট ক্ষতিসাধন কৰিছিল । কিন্তু ধুমুহাই বাসগৃহৰ ক্ষতিসাধন কৰাৰ পিছতো জিলা প্ৰশাসনে সহায়-সহযোগিতা আগবঢ়োৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে ।

কিন্তু সংকটৰ সময়ত এই লোকসকলৰ কাষত উপস্থিত হৈছে 'টীম মাজুলী'ৰ সদস্য-সদস্যা সকল । মাজুলীৰ একাংশ শিক্ষিত যুৱক-যুৱতী একগোট হৈ গঠিত হোৱা স্বেচ্ছাসেৱী সংস্থা 'টীম মাজুলী'য়ে লৈছে বিগত দিনবোৰত কেইবাটাও প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে ।

ধুমুহাত ক্ষতিগ্ৰস্ত পৰিয়ালৰ কাষত 'টীম মাজুলী'

শনিবাৰে স্বেচ্ছাসেৱী সংস্থাটোৰ কেইগৰাকীমান সদস্যই ধুমুহাই ক্ষতিগ্ৰস্ত কৰা মাজুলীৰ ধোঁৱাচলা গাঁৱলৈ গৈ ক্ষয়-ক্ষতিৰ বুজ লয় । ধুমুহাই অধিক ক্ষতিগ্ৰস্ত কৰা পৰিয়ালকেইটাক সহায় কৰাৰো আশ্বাস দিয়ে সদস্যসকলে ।

লগতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহ প্ৰয়োজনীয় সহায় কৰিবলৈ তেওঁলোকে মাজুলী প্ৰশাসনক অনুৰোধ জনায় । উল্লেখ্য যে,বিগত দুটা দিনত ক'ভিড প্রট'কল মানি মাজুলীৰ বিভিন্ন অঞ্চলত এই 'টীম মাজুলী'ৰ সদস্য-সদস্যা সকলে ১০,০০০ খন মাক্স বিতৰণ কৰে ।

লগতে পঢ়ক:কলিয়াবৰত আটক দুই ড্ৰাগছ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.