মাজুলী, 11 নৱেম্বৰ : শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সানিলে এগৰাকী শিক্ষকে ৷ ছাত্ৰীক ঘৰতে টিউচন কৰাৰ অচিলাৰে মাজুলীৰ এগৰাকী শিক্ষকে শ্লীলতা হানিৰ অপচেষ্টা কৰে (Molestation case in Majuli) ৷ এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ছাত্ৰীগৰাকীৰ আত্মীয়ই ৷ জানিব পৰা মতে, অভিযুক্ত শিক্ষকগৰাকী হৈছে পকাজৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দিলীপ নাথ ৷
ঘটনাৰ বিৱৰণি অনুসৰি, মাজুলীৰ গড়মূৰ আৰক্ষী চকীৰ অন্তৰ্গত নতুন কমলাবাৰী গাঁৱত বৃহস্পতিবাৰে বিয়লিৰ ভাগত সংঘটিত হয় উক্ত ঘটনাটো ৷ অইন দিনাৰ দৰে পকাজৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষক দিলীপ নাথে বৃহস্পতিবাৰে বিয়লি টিউচন কৰাৰ উদ্দেশ্যে ভুক্তভোগী ছাত্ৰীগৰাকীৰ ঘৰলৈ গৈছিল ৷
কিন্তু কোঠাত কোনো নথকাৰ সুযোগ লৈ অভিযুক্ত শিক্ষকগৰাকীয়ে ভুক্তভোগী ছাত্ৰীগৰাকীক শ্লীলতা হানিৰ অপচেষ্টা কৰে ৷ তেনেতে ভয়ত বিতত হৈ ভুক্তভোগী ছাত্ৰীগৰাকীয়ে দেউতাকৰ কাষলৈ গৈ সকলো কথা বিৱৰি কয় ৷ ফলত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ কিন্তু সেই সময়তে সুযোগ বুজি উক্ত স্থানৰ পৰা পলায়ন কৰে অভিযুক্ত শিক্ষক দীলিপ নাথে (Teacher allegedly Molest teenager) ৷
লগতে পঢ়ক : Youth arrested for allegedly rape teenager: কিশোৰী ধৰ্ষণৰ অভিযোগত যুৱক আটক
পৰৱৰ্তী সময়ত অভিযুক্ত শিক্ষক দীলিপ নাথে উক্ত ঘটনা ঢাকিবলৈ ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকক টকাৰ প্ৰলোভন দিয়ে ৷ এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে ৷ পৰৱৰ্তী সময়ত ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোক গড়মূৰ আৰক্ষী থানাত অভিযুক্ত দিলীপ নাথৰ বিৰুদ্ধে দাখিল কৰে এক এজাহাৰ ৷
এই এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে অভিযুক্ত শিক্ষক দিলীপ নাথক আটক কৰি 43/22 নম্বৰৰ অধীনত ৰুজু কৰে এক গোচৰ (Rape accused arrested in Majuli) ৷ লগতে 376(3) /511ipc 4/10/18 pcso২০১২ ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হয় অভিযুক্ত শিক্ষক দিলীপ নাথক (Teacher arrested for allegedly Molest teenager) ৷ ইফালে এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত এতিয়া বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যই ৷
লগতে পঢ়ক : Gang rape: ৬ লম্পটৰ কামনাৰ বলি নাবালিকা