ETV Bharat / state

মামা আমাক ইয়াতে থাকিবলৈ দিয়ক, আমি বেলেগ স্কুললৈ নাযাওঁ: কোনে ক’লে ? - বিদ্যালয় চামিলকৰণৰ বিৰুদ্ধে প্ৰতিবাদ

মাজুলী শিক্ষাখণ্ডৰ অধীনৰ ব্ৰহ্মপুত্ৰ জনজাতি মধ্য ইংৰাজী বিদ্যালয়খনক প্ৰায় ৫ কি:মি: নিলগৰ অন্য এখন বিদ্যালয়ৰ লগত চামিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা বিভাগে । শিক্ষা বিভাগৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সম্প্ৰতি জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজৰ লগতে শিক্ষাৰ্থীসকল (Students and parents protest in Majuli) ।

Students and parents protest in Majuli
মামা আমাক ইয়াতে থাকিব দিয়ক, মামা আমি বেলেগ স্কুললৈ নাযাওঁ....
author img

By

Published : Jul 3, 2022, 5:40 PM IST

মাজুলী, 3 জুলাই: "মামা আমাক ইয়াতে থাকিব দিয়ক । মামা আমি বেলেগ স্কুললৈ নাযাওঁ । মামা আমি ইয়াতেই থাকিম ৷" এয়া মাজুলীৰ এখন বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান ৷ নিজৰ আপোন বিদ্যালয়খন এৰি কোনো কাৰণত নাযায় আন বিদ্যালয়লৈ এই সকল ছাত্ৰ-ছাত্ৰী ৷ উজনি মাজুলীৰ লুইতপৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ত সৃষ্টি হৈছে এই পৰিস্থিতিৰ ।

উল্লেখ্য যে, মাজুলী শিক্ষাখণ্ডৰ অধীনৰ ব্ৰহ্মপুত্ৰ জনজাতি মধ্য ইংৰাজী বিদ্যালয়খনক প্ৰায় ৫ কি:মি: নিলগৰ অন্য এখন বিদ্যালয়ৰ লগত চামিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা বিভাগে । শিক্ষা বিভাগৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সম্প্ৰতি জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজৰ লগতে শিক্ষাৰ্থীসকল ( Students and parents protest in Majuli) ।

মামা আমাক ইয়াতে থাকিব দিয়ক, মামা আমি বেলেগ স্কুললৈ নাযাওঁ....

মন কৰিবলগীয়া যে, ১৯৮৬ চনতে স্থাপিত হোৱা বিদ্যালয়খনত বৰ্তমান প্ৰায় ১৫০ শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰি আহিছে । ৫ খন গাৱঁৰ মাজত এখনেই M.E স্কুল । তেনেস্থলত বৃহত্তৰ এটা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰাথমিক শিক্ষাৰ অভাৱ পূৰণ কৰা বিদ্যালয়খন অন্য বিদ্যালয়ৰ লগত চামিল নকৰিবৰ বাবে শিক্ষা বিভাগৰ প্ৰতি দাবী জনাইছে ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা স্থানীয় ৰাইজে ।

ছাত্ৰ-ছাত্ৰীসকল দূৰৈৰ স্কুলত পঢ়িবলৈ যাব নোৱাৰে কিয়নো তেওঁলোকৰ মাজৰ বহুকেইজন ছাত্ৰ-ছাত্ৰীৰ নাই চাইকেল । অভিভাৱক সকলৰো চাইকেল কিনি দিব পৰা সামৰ্থ নাই ৷ যাৰ কাৰণে এই সকল ছাত্ৰ-ছাত্ৰী দূৰৈৰ বিদ্যালয়ত পঢ়িবলৈ যাবলৈও অক্ষম । নিজৰ ঘৰৰ কাষৰ বিদ্যালয়তে পঢ়াৰ মন শিক্ষাৰ্থী সকলৰ । সেয়েহে গৰম বন্ধৰ দিনততো বিদ্যালয়লৈ ওলাই আহি এইদৰে প্ৰতিবাদ কৰিলে ছাত্ৰ-ছাত্ৰী সকলৰ সহিতে অভিভাৱক ​সকলে ।

লগতে পঢ়ক: Speaker of Maharashtra assembly:মহাৰাষ্ট্ৰ বিধানসভাৰ নতুন অধ্যক্ষ ৰাহুল নাৰ্ভেকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.