ETV Bharat / state

ৰাজ্যজুৰি আছুৰ কা বিৰোধী প্ৰতিবাদ

author img

By

Published : Jan 28, 2020, 1:57 PM IST

Updated : Jan 28, 2020, 7:29 PM IST

কা ৰ বিৰোধিতা
ৰাজ্যজুৰি আছুৰ কা বিৰোধী প্ৰতিবাদ

19:06 January 28

তিনিচুকীয়াত আছুৰ বিক্ষোভ

তিনিচুকীয়াত আছুৰ বিক্ষোভ

তিনিচুকীয়া,28 জানুৱাৰীঃ ৰাজ্যখনৰ লগতে মঙ্গলবাৰে তিনিচুকীয়াতো সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ছাত্ৰ সন্থাৰ কৰ্মীসকলে । তিনিচুকীয়াৰ সদৰ থানা চাৰিআলিত অৱস্থিত ড০ ভূপেন হাজৰিকা উদ্যানত আছুৰ লগতে বিভিন্ন জাতি,জনগোষ্ঠীয় ছাত্ৰ সংগঠনে বিক্ষোভ কাৰ্যসূচীত অংশ লয় ৷
 
18:34 January 28

বিলাসীপাৰা আৰু মৰিগাঁৱতো আছুৰ নেতৃত্বত প্ৰতিবাদ

আছুৰ নেতৃত্বত প্ৰতিবাদ

নিউজ ডেস্ক,28 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত বিলাসীপাৰা আৰু মৰিগাঁৱতো আছুৰ বিক্ষোভ প্ৰদৰ্শন ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত বিলাসীপাৰাৰ ৰাণীগঞ্জ আঞ্চলিক ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজৰ সহযোগত শ্বহীদ বেদীৰ ওচৰত এই প্ৰতিবাদ সাব্যস্ত কৰা হয় ।

আনহাতে,মৰিগাঁৱতো মঙলবাৰৰ দিনটোত দেখা যায় একে দৃশ্য । ঐতিহাসিক মৰিগাঁও বিহুতলীত আছু আৰু সহযোগী কা বিৰোধী সংগঠনে অব্যাহত ৰাখে প্ৰতিবাদ ৷ এই কাৰ্যসূচীত উপস্থিত থাকি মৰিগাঁৱৰ কেইবাজনো ব্যক্তিয়ে অবৈধ বাংলাদেশী খেদাৰ বাবে ৰাজপথত আন্দোলন কৰি,আছুৰ মজিয়াৰ পৰা গৈ মুখ্যমন্ত্ৰীৰ আসন দখল কৰাৰ পাছত নাগপুৰৰ হিন্দু মৌলবাদীৰ ভৰিত পৰি সকলো পাহৰি গ’ল বুলি কটু ভাষাৰে সমালোচনা কৰে ।

18:07 January 28

ডুমডুমা আৰু টিংখাঙতো আছুৰ কা বিৰোধী প্ৰতিবাদ

কা বিৰোধী প্ৰতিবাদ

নিউজ ডেস্ক,28 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ডুমডুমাত মঙলবাৰে আছুৱে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । ডুমডুমা ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত সাব্য কৰা হয় এই প্ৰতিবাদ ৷ ইফালে টিংখাঙৰ ৰাজগড়তো কা বিৰোধী বিক্ষোভ প্ৰদৰ্শন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে অন্যান্য দল-সংগঠনে । তদুপৰি জাতি-মাটি-ভেটিৰ স্বাৰ্থত টিংখাঙৰ বিধায়ক বিমল বৰাক বিজেপি ত্যাগ কৰিবলৈ আহ্বান জনায় ।

17:49 January 28

আমগুৰিত কা বাতিলৰ দাবীত গাওঁসভা

কা বাতিলৰ দাবীত গাওঁসভা

আমগুৰি,২৮ জানুৱাৰীঃ আমগুৰিৰ নামতিত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত মঙলবাৰে প্ৰথমখন গাঁওসভা অনুষ্ঠিত ৷ মিছাজানত নামতি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় এই গাঁওসভা । মিছাজান মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত সভাখনত শ্বহীদ তৰ্পণ কৰে আছুৰ জিলা সভাপতি অসীম দত্তই ।

17:22 January 28

বিক্ষোভ প্ৰদৰ্শনেৰে আছুৰ প্ৰতিবাদ বিশ্বনাথত

আছুৰ প্ৰতিবাদ বিশ্বনাথত

বিশ্বনাথ,28 জানুৱাৰীঃ সমগ্র ৰাজ্যৰ লগতে মঙলবাৰে বিশ্বনাথতো সদৌ অসম ছাত্র সন্থা আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনৰ সহযোগত কা ৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ।
 
17:14 January 28

ধেমাজি জিলা ছাত্র সন্থাৰ উদ্যোগত বিক্ষোভ

ধেমাজিতো বিক্ষোভ

ধেমাজি,২৮ জানুৱাৰীঃ কা ৰ বিৰোধিতাৰে মংগলবাৰে ধেমাজি জিলা ছাত্র সন্থাৰ উদ্যোগত যুৱ ছাত্র পৰিষদ,সদৌ তাই আহোম ছাত্র সন্থাকে ধৰি অন্যান্য জনগোষ্ঠী সংগঠন আৰু ৰাইজৰ সহযোগত শ্বহীদ উদ্যানৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰতিবাদীসকলে কা আমি নামানো,হিমন্ত বিশ্ব গ’ বেক, আৰ এছ এছ গ’ বেক,বিজেপি হুঁচিয়াৰ আদি চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তপ্ত কৰি তোলে পৰিৱেশ ।
 
16:49 January 28

গোলাঘাটত কা বাতিলৰ দাবিত আছুৰ ‍বিক্ষোভ

আছুৰ ‍বিক্ষোভ

গোলাঘাট,28 জানুৱাৰীঃ গোলাঘাটত আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত উপায়ুক্ত কাৰ্যলয়ৰ সমীপত জিলা ছাত্ৰ সন্থাই কা বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। লগতে প্ৰতিবাদস্থলীৰ পৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সকিয়নী প্ৰদান কৰে ৷ গোলাঘাটৰ জ্যেষ্ঠ নাগৰিক সকলে অংশগ্ৰহণ কৰে বিক্ষোভত ৷

16:26 January 28

মহানগৰীত উত্তাল দীঘলীপুখুৰীৰ পাৰ

উত্তাল দীঘলীপুখুৰীৰ পাৰ

গুৱাহাটী,28 জানুৱাৰীঃ মহানগৰীত চৰকাৰ বিৰোধী শ্লোগানেৰে আছুকৰ্মীয়ে উত্তাল কৰি তোলে দীঘলীপুখুৰীৰ পাৰ । নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সাব্যস্ত এই প্ৰতিবাদ ৷

13:12 January 28

কেইবাটাও কাৰ্যসূচীৰে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মাজুলীত উপস্থিত হ'ব

মাজুলীত মুখ্যমন্ত্ৰীৰ আগমণৰ বিৰোধিতাৰে প্ৰতিবাদ

মাজুলী, 28 জানুৱাৰীঃ মুখ্যমন্ত্ৰীৰ মাজুলী ভ্ৰমণৰ বিৰোধিতা কৰি মুখত ক'লা কাপোৰ বন্ধি আছু আৰু যুৱছাত্ৰ পৰিষদে গড়মূৰত অৱস্থাত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷  কেইবাটাও কাৰ্যসূচীৰে আজি মুখ্যমন্ত্ৰী গৰাকীয়ে মাজুলীত উপস্থিত হ'ব । ১ বজাত মাজুলী দৰিয়া খেলপথাৰত ভূমি পট্টা বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে । তাৰ পিছতেই বিয়লি মাধৱ দেৱ কৃষ্টি কেন্দ্ৰৰ দলীয় সভাত ভাগ ল'ব মুখ্যমন্ত্ৰী গৰাকীয়ে । সন্ধিয়া ৬ বজাত আউনী আটী সত্ৰৰ ভাওনা সমাৰোহত উপস্থিত হ'ব মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

Intro:মুখ্যমন্ত্ৰী মাজুলী ভ্ৰমণৰ বিৰোধিতা কৰি মুখত কলা কাপোৰ মাৰি আছু আৰু যুৱছাত্ৰ পৰিষদৰ অৱস্থান মাজুলী জিলা সদৰ গড়মূৰত।।

মাজুলীলৈ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আগমণ দিনাই গণ বিক্ষোভ আছু আৰু যুৱ পৰিষদ।।

মাজুলী মহকুমা ছাত্র সন্থাৰ আৰু মাজুলী জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যৌথ উদ‍্যোগত এই কাৰ্য‍্যসূচী ।।

মাজুলী জিলা সদৰ গড়মূৰত এই কাৰ্য‍্যসূচী ।।

আজি মুখ্যমন্ত্ৰী গৰাকীয়ে কেইবাটাও কাৰ্যসূচী লৈ মাজুলীত উপস্থিত হব।।

১ বজাত মাজুলী দৰিয়া খেল পথাৰত ভূমি পট্ৰা বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে ।।

তাৰ পিছতেই বিয়লি মাধৱ দেৱ কৃষ্টি কেন্দ্ৰৰ দলীয় সভাত ভাগ লব মুখ্যমন্ত্ৰী গৰাকীয়ে।।

সন্ধিয়া ৬ বজাত আউনী আটী সত্ৰৰ ভাওনা সমাৰোহত ভাওনা উপস্থিত হব মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।।

বাইট আছু বিতোপন শৰ্মা ,, সূৰ্য্য কুমাৰ ভূঞা ।।

বাইট ajycp অলিন হাজাৰিকা ।।

Body:মাজুলীৰ পৰা যদুমণি শইকীয়া ইটিভি ভাৰত ।Conclusion:
Last Updated : Jan 28, 2020, 7:29 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.