ETV Bharat / state

Majuli Nursing School: অচিৰেই বন্ধ হ’ব নেকি শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী নাৰ্ছিং স্কুল ? - নাৰ্ছিং স্কুল

কোনদিশে মাজুলীৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী নাৰ্ছিং স্কুলৰ ছাত্ৰীসকলৰ ভৱিষ্যত? সময় থাকোঁতেই যদি মাজুলীৰ বিধায়ক তথা জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে মাজুলীত গঢ়ি উঠা অনুষ্ঠানটো কলিতে মৰহি যাব ।

Majuli Nursing School
অচিৰেই বন্ধ হ’ব শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী নাৰ্ছিং স্কুল !
author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 12:33 PM IST

অচিৰেই বন্ধ হ’ব শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী নাৰ্ছিং স্কুল !

মাজুলী, 10 নৱেম্বৰ : মাজুলীৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী নাৰ্ছিং স্কুলত ছাত্ৰীৰ হাহাকাৰ ৷ কোনদিশে ছাত্ৰীসকলৰ ভৱিষ্যত? 37 গৰাকীৰ ছাত্ৰীৰ শৈক্ষিক জীৱনক লৈ কিয় হেতালি খেলিছে চৰকাৰে ? প্ৰতিষ্ঠানখনত দুমাহে যোগাৰ নহ’ল চকী, টেবুল, ডেস্ক-বেন্স ৷ ফলত পৰ্যাপ্ত সুবিধা নাপাই অন্য নাৰ্ছিং কলেজলৈ ঢাপলি মেলিছে ছাত্ৰী ৷

মাজুলীৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী নাৰ্ছিং স্কুলখন কেনেদেৰে চলিছে আজিৰ তাৰিখত এয়া এটা ডাঙৰ প্ৰশ্ন । পাঠদান আৰম্ভ হোৱা দুমাহ হ’ল, তাৰ পিচতো দুমাহে নিজৰ দুভৰিৰ ওপৰতে লিখা-পঢ়া কৰিব লগা হৈছে মাজুলীৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী নাৰ্ছিং স্কুলৰ ছাত্ৰীসকলে। নামতহে নাৰ্ছিং কলেজ, কিন্তু নাই কোনো সা-সুবিধা ।

পৰ্যাপ্ত আন্তঃগাথঁনি নথকাকৈ মাজুলী গড়মূৰত আৰম্ভ কৰা হৈছিল এখন নাৰ্ছিং স্কুল ৷ য’ত প্ৰথম বৰ্ষতে 39 গৰাকী ছাত্ৰীয়ে নামভৰ্তি কৰিছিল যদিও পৰ্যাপ্ত সুবিধা নাপাই অন্য নাৰ্ছিং কলেজলৈ ঢাপলি মেলিছে 2 গৰাকী ছাত্ৰীয়ে । এই বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পৰা শ্ৰেণীসমূহ আৰম্ভ হৈছিল যদিও ছাত্ৰীসকলে শৈক্ষিক পৰিৱেশ লাভ নকৰাৰ অভিযোগ উত্থাপন কৰে। প্ৰতিষ্ঠানটোত দুমাহে নাহিল চকী, টেবুল, ডেস্ক-বেঞ্চ। নাই পৰীক্ষাগাৰৰ ব্যৱস্থা, নাই পুথিভঁৰালৰ সুবিধা। যি কাৰণত এতিয়া প্ৰতিষ্ঠানখনৰ ছাত্ৰীসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।

এই সন্দৰ্ভত বিভাগক বাৰম্বাৰ কোৱাৰ পাচতো আজিলৈকে এক শৈক্ষিক পৰিৱেশ দিব নোৱাৰা বাবে আক্ষেপ প্ৰকাশ কৰিছে নাৰ্ছিং কলেজখনৰ অধ্যক্ষাৰ লগতে অধ্যাপিকাসকলে। পৰ্যাপ্ত সুবিধাসমূহৰ যদি ব্যৱস্থা নহয় অতি সোনকালে মাজুলীৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী নাৰ্ছিং স্কুলখন বন্ধ যে হ’ব সেইটো নিশ্চিত বুলি ক্ষেদ প্ৰকাশ কৰিছে অধ্যক্ষাগৰাকীয়ে ।

প্ৰতিদিনে স্কুলখনৰ ছাত্ৰীসকলে অনাশৈক্ষিক পৰিৱেশত অধ্যয়ন কৰিব লগা হৈছে বুলি স্বীকাৰ কৰে নাৰ্ছিং কলেজখনৰ অধ্যক্ষাগৰাকীয়ে । গতিকে সময় থাকোঁতেই যদি মাজুলীৰ বিধায়ক তথা জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে মাজুলীত গঢ়ি উঠা অনুষ্ঠানটো কলিতে মৰহি যাব ।

লগতে পঢ়ক: Protest at Duliajan OIL Office : দুলীয়াজানৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত অইলৰ মুখ্য পৰিচালকৰ পুত্তলিকা দাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.