মাজুলী, 27 অক্টোবৰঃ শ্ৰ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদে "মিঞা সংগ্ৰহালয়" স্থাপনৰ দাবীক লৈ ৰাজ্যবাসী জাঙুৰ খাই উঠাৰ লগতে সকলোৱা দিছে তীব্ৰ গৰিহণা ৷ কেউদিশে বিতৰ্কৰ সৃষ্টি কৰা বিধায়ক শ্বেৰমান আলী আহমেদৰ এই বিতৰ্কিত মন্তব্যক লৈ ৰাজ্যৰ সকলো স্তৰৰ লোকে কৰিছে প্ৰতিক্ৰিয়া ৷ বিতৰ্কিত এই মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মাজুলীৰ শ্রীশ্রী এলেঙী নৰসিংহ সত্রৰ ডেকা সত্ৰীয়া গৰাকীয়েও ৷
শ্ৰী শ্ৰী এলেঙী নৰসিংহ সত্ৰৰ ডেকা সত্ৰীয়া গৰাকীয়ে কয় যে, শ্বেৰমান আলিৰ এই মন্তৱ্য অতি দুৰ্ভাগ্য জনক । লগতে ডেকা সত্ৰীয়া গৰাকীয়ে উল্লেখ কৰিলে, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র অসমীয়াৰ আবেগ, অসমীয়াৰ স্বাভিমান ; গতিকে তাত ''মিঞা মিউজিয়াম'' হ'ব লাগে বুলি কোনো প্রশ্নই উঠিব নালাগে । অসমৰ সকলো দল সংগঠনক একত্ৰিত হৈ এনে বিতৰ্কিত প্ৰস্তাৱৰ বিৰুধীতা কৰিবলৈকো আহ্বান জনালে ডেকা সত্ৰীয়া গৰাকীয়ে ৷
লগতে পঢ়ক- মিঞা সংগ্ৰহালয় প্ৰসংগত মুখ খুলিছে দেৱব্ৰত শইকীয়াই