ETV Bharat / state

Vision Majuli: WhatsApp গ্ৰুপত চলিছে মাজুলীক ধৰ্মীয়ভাৱে আক্ৰমণ কৰাৰ ষড়যন্ত্ৰ ! - Writer Ismail Hussain

মাজুলীৰ ভিজন মাজুলী নামৰ হোৱাটচআপ গ্ৰুপত চলিছে মাজুলীক ধৰ্মীয়ভাৱে আক্ৰমণ কৰাৰ মাষ্টাৰ প্লেন (Vision Majuli whatsapp group)৷

Vision Majuli
Whatsapp গ্ৰুপত চলিলে মাজুলীক ধৰ্মীয়ভাৱে আক্ৰমণ কৰাৰ ষড়যন্ত্ৰ !
author img

By

Published : Oct 28, 2022, 9:44 PM IST

মাজুলী, 28 অক্টোবৰ : হে আল্লা মাজুলী আমাৰ কৰি দিয়া, উজনি অসমত গৰু বেপাৰ কৰাৰ হৃদপিণ্ড হ’ল মাজুলী ৷ মাজুলীত মছজিদ হ’ব, মাজুলীৰ বনগাঁও, আউনীআটী, গঁড়মূৰ, কমলাবাৰী ফুলনিত হ’ব মছজিদ ৷ আজান দিয়াৰ মাইক থাকিব কমলাবাৰী সত্ৰ, আউনীআটি সত্ৰৰ সমীপত, মাজুলীৰ আজান যোৰহাট আৰু লক্ষীমপুৰলৈকে শুনিব লাগিব ৷ এইধৰণৰ কথাবোৰৰে আলোচনা চলিছে ভিজন মাজুলী নামৰ এটা হোৱাটচআপ গ্ৰুপত (Vision Majuli whatsapp group)৷

Whatsapp গ্ৰুপত চলিছে মাজুলীক ধৰ্মীয়ভাৱে আক্ৰমণ কৰাৰ ষড়যন্ত্ৰ !

৭৮৯৬৮২০৬৯৯, আশ্ৰাফুল আমিন নামধাৰী এজনৰ ফোন নম্বৰৰ পৰা ভইছ মেছেজ ভিজন মাজুলী গ্ৰুপত এৰা পৰিলক্ষিত হৈছে ৷ আটাইটকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই গ্ৰুপত কেবিনেট পৰ্যায়ৰ মন্ত্ৰী বিমল বৰা, সাংসদ প্ৰদান বৰুৱা(MP Pradan Baruah), কামাখ্যা প্ৰসাদ তাছাকে(Kamakhya Prasad Tasa) ধৰি মাজুলী জিলা বিজেপিৰ প্ৰাক্তন সভাপতি তথা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক দীপক গোস্বামী, মাধৱ দেউৰীকে প্ৰমুখ্য কৰি মাজুলীৰ বাঘা বাঘা বিজেপিৰ নেতা থকা এই গ্ৰুপটোত এনেধৰনৰ মেছেজ দিয়া কোন এইজন আশ্ৰাফুল আমিন ?

কাৰ সাহসত এইজন লোকে মাজুলীত মছজিদ পতাৰ ষড়যন্ত্ৰ কৰিছে ? মাজুলীত আজি কিছুদিনৰ পূৰ্বে এক সভাত অংশগ্ৰহণৰ বাবে আহিছিল ইছমাইল হুছেইন (Writer Ismail Hussain)৷ বৃহস্পতিবাৰে নিশা গ্ৰুপটোত আলোচনা হোৱা সময়ত ইছমাইল হুছেইনে মাজুলীৰ সত্ৰৰ গুৰু আসনৰ সন্মুখত ৰৈ ফটো তোলাৰ দৃশ্যও ভাইৰেল কৰি মাজুলীৰ সত্ৰসমূহক লৈ কটু মন্তব্য কৰিছিল এইসকলে ৷

এতিয়া কথা হ’ল এদেও, দুদেও লোটা নিয়াৰ চেও ৷ এইদৰেই তলে তলে এটা বৃহৎ চক্ৰই মাজুলীত মছজিদ পতাৰ কটু ৰটনা চলাইছে নেকি ? যদি গ্ৰুপত চলা কথাবোৰ সঁচা হয় তেতিয়াহলে মাজুলীৰ সচেতন মহলে বিষটো চিন্তা কৰিবৰ হ’ল ৷ ইফালে শুকুৰবাৰে সংবাদ মাধ্যমত এই গ্ৰুপৰ কথা-বতৰাবোৰ ভাইৰেল হোৱাৰ লগে লগে বিজেপিৰ মাজুলী জিলা সমিতিত জোঁকাৰণিৰ সৃষ্টি হৈছে ৷

লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিয়ে সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ সন্মানত আঘাত হনা কাম নকৰে ৷ এই গ্ৰুপত কোনে এনেধৰনৰ মেছেজ দিছে তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয় ৷ মাজুলী বিজেপিৰ নেতা দীপক গোস্বামী আৰু মাধৱ দেউৰীয়ে মাজুলীক লৈ বিজেপিৰ নামত গ্ৰুপ খুলি কোনে মাজুলীৰ বিৰুদ্ধে কটু ষড়যন্ত্ৰ কৰিছে তাৰ উচিত তদন্ত কৰি আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় ৷

আনহাতে এইসমূহ মেচেজ আৰু ভইচ ৰেকৰ্ডিং ক’ৰ পৰা কোনে দিছে এই সম্পৰ্কে জ্ঞাত নহয় বুলি কয় মাজুলীৰ বহু কেইজন জেষ্ঠ বিজেপি নেতাই । পৰৱতী সময়তহে গম পোৱা যাৱ ইয়াৰ আঁৰৰ ৰহস্য কি ?

লগতে পঢ়ক : Shiv Mandir Construction: মাটি বিক্ৰী কৰা ধনেৰে নগাঁৱত মন্দিৰ নিৰ্মাণ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.