মাজুলী, ১৪ জানুৱাৰী : আজি অসমীয়াৰ বাপতি সাহোন মাঘ বিহু বা ভোগালীৰ উৰুকা (magh bihu uruka celebrated in Assam) । যাৰ বাবে উখল-মাখল পৰিবেশে বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যতে । ব্যতিক্ৰম নহয় সত্ৰ নগৰী মাজুলীও । মাজুলীতো এতিয়া এক উখল-মাখল পৰিবেশ (uruka celebrated in Majuli) । সত্ৰনগৰী মাজুলীৰ দৈৰ জনপ্ৰিয়তা সম্পৰ্কে সকলোৰে জ্ঞাত ।
পূৰ্বৰ পৰায়ে বিয়া-সবাহ সকলোতেই মানুহে মাজুলীৰ দৈ বিচাৰি আহিছে আৰু সেই একেই জনপ্ৰিয়তা এতিয়াও অক্ষুণ্ণ আছে (tradition of Bhogali Bihu) । মাঘ বিহুৰ সময়ত মাজুলীৰ দৈৰ চাহিদা অধিক ৰূপত বৃদ্ধি পায় । এই সময়ত মাজুলীৰ দৈ-গাখীৰ মাজুলীৰ লগতে অসমৰ বিভিন্ন ঠাইলৈ ৰপ্তানি হয় । এইবাৰ মাজুলীৰ জেংৰাইমুখৰ ৰমেশ ঘোষে প্ৰস্তুত কৰিছে কেইবা কুইণ্টল মিঠা দৈ (special Majuli curd in Bhogali Bihu) । উৰুকাৰ দিনা মাজুলীৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকে দৈ, গাখীৰ কিনিবলৈ ভিৰ কৰিছেহি ৰমেশ ঘোষৰ বাসগৃহত ।
উল্লেখ্য, অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ উৰুকাত থাকে ব্যাপক আয়োজন । পৰম্পৰা আৰু লোকাচাৰেৰে ভোগ আৰু বিলাসৰ উছৱ ভোগালীৰ আয়োজন ৰাজ্যৰ সৰ্বত্ৰে চলিছে । হাঁহে-মাহে এসাঁজ খোৱাৰ প্ৰস্তুতি এতিয়া প্ৰায় সম্পূৰ্ণ । বিবিধ পিঠা-পনা, লাড়ু-চিৰা আৰু বিবিধ জলপানেৰে ভোগালীত ভৰে ভোগৰ ভোগজৰা ।
লগতে উৰুকাৰ নিশাৰ লগভাত সাঁজৰ কথাটো ক'বই নালাগে । বিভিন্ন প্ৰকাৰৰ মাছ-মাংসৰে আজি উৰুকাৰ নিশাটোত পৰিয়ালৰ সকলোৱে ঘৰত নতুবা ৰাজহুৱাভাৱে পথাৰৰ ভেলাঘৰত ভোজ খোৱাটো এক পৰম্পৰা । তাৰ বাবে প্ৰায় এসপ্তাহ আগৰে পৰা চলে আয়োজন । ইতিমধ্যে মাছৰ বজাৰত উভৈনদী হৈছে বিভিন্ন প্ৰকাৰৰ আৰু বিভিন্ন আকাৰৰ মাছ । মাঘ বিহুৰ আন এক পৰম্পৰা হৈছে ভেলাঘৰ আৰু মেজি ।
নিশা ভেলাঘৰত ভোজ-ভাত খাই পুৱতি নিশা মেজিত সেৱা কৰি জ্বলাই তাৰ উম লোৱাটো তাহানিৰ দিনৰ পৰা চলি অহা এক পৰম্পৰা । বিবিধ লাড়ু-পিঠা, চুঙাপিঠা, দৈ-গাখীৰেৰে অভ্যাগত আপ্যায়ণ কৰাটো আন এক পৰম্পৰা । লগতে আছে সৰুৱে ডাঙৰৰ পৰা আশীৰ্বাদ লোৱাৰ পৰম্পৰা । এই সকলো মিলি মাঘ বা ভোগালী বিহুৱে অসমীয়া সমাজ জীৱনক দিছে এক অনন্য মাত্ৰা ।
লগতে পঢ়ক :Uruka market in Morigaon : বৰালি, চিতল, আৰি.. মৰিগাঁৱৰ বজাৰত উভৈনদী থলুৱা মাছ