মাজুলী,13 ডিচেম্বৰ: যি সময়ত অধিকাংশ শিক্ষিত যুৱক যুৱতী চাকৰিমুখী হৈছে, চাকৰিৰ জৰিয়তে জীৱন গঢ়াৰ সপোন ৰচিছে, ঠিক তেনে সময়তেই মাজুলীৰ এজন শিক্ষিত যুৱকে দেখিছে অন্য এক সপোন ৷ মাজুলীৰ শিক্ষিত যুৱক দিগন্ত বৰুৱাই ৰেষ্টুৰেন্টৰ ব্যৱসায়েৰে স্বাৱলম্বী হোৱাৰ সপোন দেখিছে ৷ মাজুলী ফুলনি চাৰিআলিৰ দিগন্ত বৰুৱা নামৰ শিক্ষিত যুৱকজনে চৰকাৰী চাকৰি নিবিচাৰি নিজৰ জন্মভূমি মাজুলীৰ ফুলনি চাৰিআলিত "ৰয়েল ডেলিকেচি" নামৰ এখন ৰেষ্টুৰেন্ট খুলি স্বাৱলম্বী হৈছে ৷
ৰেষ্টুৰেন্টখনেৰে নিজৰ লগতে আন দহজনকো সংস্থাপিত কৰাৰ সপোন পুহি ৰাখিছে দিগন্ত বৰুৱাই ৷ গ্ৰাহকৰ সুবিধাৰ্থে ঘৰতে উন্নতমানৰ খাদ্য যোগান ধৰা ৰেষ্টুৰেন্টখনত বৰ্তমান ৫ জন নিৱনুৱা যুৱকক সংস্থাপনৰ বাট মোকলাই দিছে শিক্ষিত যুৱকজনে ৷ সম্প্ৰতি ব্যৱসায়ৰ যোগেদি স্বাবলম্বীতাৰ নিদৰ্শন দেখুওৱা মাজুলীৰ দিগন্ত বৰুৱা হৈ পৰিছে আন দহজনৰ বাবে প্ৰেৰণাৰ উৎস ৷
লগতে পঢ়ক: বি টি আৰত পৰিষদ গঠন কৰাৰ বাবে ৰাজভৱনত সদলবলে হিমন্ত বিশ্ব শৰ্মা