মাজুলী, ২০ ফেব্ৰুৱাৰী:"মানৱ সেৱা কৰিবৰ বাবে যি সুযোগ পাইছো সেয়া জনসাধাৰণে দিয়া বস্তু । সেই কাৰণে চৰকাৰী কোনো পদবীক লৈ কোনেও অহংকাৰ কৰিব নালাগে । পদবী আজি আছে কাইলৈ নাই । " এই মন্তব্য় প্ৰক্তন মুখ্য়মন্ত্ৰী তথা কেন্দ্ৰীয় বন্দৰ পৰিবহণ, জলপথ আৰু আয়ুস মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ (Union Minister Sarbananda Sonowal in Majuli) । দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাইজক উদ্দেশ্যি মাজুলীত এইদৰে মন্তব্য় কৰে । মাজুলীৰ গড়মূৰস্থিত বংশীগোপল নাট্য মন্দিৰত আয়োজিত এখন সভাত অংশ গ্ৰহণ কৰি তেওঁ এইদৰে মন্তব্য় কৰি পুনৰ কয় যে, সমাজখন সদায় থাকিব । সেয়েহে সমাজখনক সদায় শিৰত ৰাখিব লাগে আৰু ক্ষমতাক সদায় ভৰিৰ তলত ৰাখিব লাগে । তেওঁ পুনৰ কয় যে সমাজখন সদায় শ্ৰেষ্ঠ । সমাজখনক ঈশ্বৰৰ প্ৰতীক ৰূপ বুলি মন্তব্য় কৰি কয় যে ভগবানে কৈছে তেওঁ সকলোৰে হৃদয়ত আছে ।
প্ৰায় এটা বছৰৰ অন্তত শনিবাৰে মাজুলীত উপস্থিত হৈ বন্দৰ, জাহাজ পৰিবহণ, জলপথ আৰু আয়ুস মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এখন সভাত অংশগ্ৰহণ কৰাৰ লগতে নিৰ্মাণৰত যোৰহাট - মাজুলী সংযোগী দলঙৰ নিৰ্মাণস্থলীও পৰিদৰ্শন কৰে । উল্লেখ্য যে, নিমাটি ঘাটৰ পৰা এখন বিশেষ ফেৰীৰে মাজুলীলৈ যাত্ৰা কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Nimati Ghats)। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক অফলামুখ পাৰঘাটত বিজেপি দলৰ নেতা-কৰ্মীসকলে উষ্ম আদৰণি জনাই (Aphlamukh Parghat in Majuli)। মাজুলীত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে মাজুলীবাসীৰ সপোন যোৰহাট- মাজুলী সংযোগী দলঙৰ নিৰ্মাণস্থলী ।
যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণস্থলীত উপস্থিত হৈ সোণোৱালে দলং নিৰ্মাণ কৰি থকা সংস্থাৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতো মত বিনিময় কৰে ( Sarbananda Sonowal visited construction of Majuli Bridge)। সৰ্বানন্দ সোণোৱালে দলং নিৰ্মাণকাৰী সংস্থাক সোঁৱৰাই দি কয় যে, মাজুলীবাসীৰ সপোনৰ এই দলংখন নিৰ্মাণ কৰোতে যাতে কোনো ধৰণৰ আসোঁৱাহ উলাব নোৱাৰে । ইয়াৰ বাবে সকলো দিশ পুংখানুপুংখভাৱে চালি জাৰি চাই তাৰ পাছতহে কাম কৰি যাবলৈ নিৰ্মাণকাৰী সংস্থাটোৰ বিষয়া-কৰ্মচাৰীসকলক আহ্বান জানায় । তেওঁ লগতে নিৰ্মাণকাৰী সংস্থাটোক দলঙৰ কাম নিৰ্দিষ্ট সময়ৰ ভিতৰতে সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়ে ।
লগতে পঢ়ক:Rana Goswami Visits Chowk Bazaar: ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলক শীঘ্ৰেই সংস্থাপনৰ দাবী ৰাণা গোস্বামীৰ