ETV Bharat / state

মাজুলী-অফলামুখ ফেৰীঘাটত বন্ধ হ’ব ৰ'পেক্স

author img

By

Published : Oct 23, 2021, 10:17 AM IST

সেৱা আৰম্ভ হোৱাৰ ডেৰ মাহৰ পিছতে বন্ধ হোৱাৰ দিশে মাজুলী-অফলামুখ ফেৰীঘাটৰ ৰ’পেক্স ফেৰী সেৱা ৷ ৰ’পেক্সৰ 11 গৰাকী কৰ্মচাৰীক দৰমহা নিদিয়াৰ প্ৰতিবাদতে বন্ধ কৰা হ’ব ফেৰী সেৱা ৷

as_maj_01_majulinews_byte1_as10026
মাজুলী অফলামুখ ফেৰী ঘাটত বন্ধ হ’ব ৰ'পেস্ক

মাজুলী, 23 অক্টোবৰ : মাজুলী-অফলামুখ ফেৰীঘাটত বন্ধ হ’ব ৰ’পেক্স ফেৰী সেৱা ৷ ৰ’পেক্সৰ 11 গৰাকী কৰ্মচাৰীক 3 মাহৰ দৰমহা প্ৰদান নকৰাৰ প্ৰতিবাদত হঠাতে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লোৱা হয় এই ফেৰী সেৱা ৷ উল্লেখ্য যে, ডলফিন নামৰ কোম্পানীটোৰ পৰা অসম চৰকাৰে ৰ’পেক্সৰ চালক আৰু পৰিচালক নিযুক্তি দিছিল ৷

চুক্তি অনুসৰি ডলফিনে কৰ্মচাৰীসকলক দৰমহা দিব লাগে যদিও ৰ’পেক্সৰ 11 গৰাকী কৰ্মচাৰীক 3 মাহে দৰমহাৰ পৰা বঞ্চিত কৰি ৰাখিছে কোম্পানীটোৱে ৷ ফেৰী সেৱা বন্ধ হৈ পৰাৰ পিছতেই অফলামুখ ফেৰীঘাটত যাত্ৰীসকলৰ মাজত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় ৷ যাত্ৰীসকলৰ প্ৰতিবাদত অৱশেষত 3 দিনৰ বাবে ফেৰী চলোৱাৰ সিদ্ধান্ত লয় পৰিচালক আৰু চালকে ৷

যোৱা 8 ছেপ্টেম্বৰত ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হোৱা ভয়াৱহ ফেৰী দুৰ্ঘটনাৰ পিছতেই ৰাজ্য চৰকাৰে এটা ইঞ্জিন চালিত নাওসমূহ বন্ধ কৰি ৰ’পেক্স সেৱা আৰম্ভ কৰিছিল ৷ 8 ছেপ্তেম্বৰৰ দুৰ্ঘটনাত তিনিগৰাকীকৈ নিৰীহ যাত্ৰীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল ৷

ইয়াৰ পিছতে যদিও মাজুলীলৈ যাতায়াতৰ বাবে অত্যাধুনিক ৰ’পেক্স ফেৰীৰ ব্যৱস্থা কৰা হয় কিন্তু প্ৰতিদিনে পাৰাপাৰ হ’বলৈ যাত্ৰীসকলে ঘণ্টাৰ পিছতো ঘণ্টা অপেক্ষা কৰিবলগীয়া হয় ৷ কিন্তু এইক্ষেত্ৰত নিৰ্লিপ্ত ভূমিকা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ লগতে মাজুলী জিলা প্ৰশাসনৰ ৷ এতিয়া ৰ’পেক্স সেৱা বন্ধ কৰাৰ সিদ্ধান্তৰ পিছতে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : বৰাকক অসমৰ পৰা পৃথক কৰি দিয়াৰ আহ্বান ড৹ নগেন শইকীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.