ETV Bharat / state

মাজুলীত মুখ্যমন্ত্ৰীক সাক্ষাৎ ৰিতুল শইকীয়াৰ পত্নীৰ

author img

By

Published : May 13, 2021, 9:19 PM IST

মুখ্যমন্ত্ৰী হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে মাজুলীলৈ অহা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিলে অ’এনজিচিৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াৰ পত্নীৰ ৷ ৰিতুল শইকীয়া সুস্থ আছে আৰু অতি সোনকালেই তেওঁক উদ্ধাৰ কৰি অনাৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আশ্বাস প্ৰদান কৰে ৷ ৰিতুল শইকীয়াৰ পত্নীক সংগ প্ৰদান কৰে বিধায়ক ভাস্কৰ বৰুৱাই ৷

Ritul saikia's wife meet CM himanta biswa sharma in majuli
মাজুলীত মুখ্যমন্ত্ৰীক সাক্ষাৎ অপহৃত ৰিতুল শইকীয়াৰ পত্নীৰ

মাজুলী,13 মে’: নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি বৃহস্পতিবাৰে মাজুলীত উপস্থিত হয় ৰাজ্যৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰী হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে মাজুলীলৈ অহা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিলে আলফাই অপহৰণ কৰি নিয়া অ’এনজিচিৰ কৰ্মচাৰী ৰিতুল শইকীয়াৰ পত্নী আৰু তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱাই ৷

মুখ্যমন্ত্ৰীৰে সাক্ষাতৰ অন্তত সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰি ৰিতুল শইকীয়াৰ পত্নী আৰু বিধায়ক ভাস্কৰ বৰুৱাই কয় যে, ৰিতুল শইকীয়া সুস্থ আছে আৰু অতি সোনকালেই তেওঁক উদ্ধাৰ কৰি অনাৰ ব্যৱস্থা কৰা হ'ব ৷

উল্লেখ্য যে, অ’এনজিচিৰ লাকুৱাস্থিত এটা ৰীগত কর্মৰত অৱস্থাত থকাৰ সময়তে যোৱা ২০ এপ্ৰিলৰ দিনা এটা পাঁচজনীয়া সশস্ত্ৰ উগ্ৰপন্থীৰ দলে অপহৰণ কৰি নিছিল তিনি অসমীয়া যুৱক ক্ৰমে মোহিনী মোহন গগৈ, অলকেশ শইকীয়া আৰু ৰিতুল শইকীয়াক । আলফা (স্বা) ৰ দ্বাৰা অপহৃত অ’এনজিচিৰ দুই কৰ্মচাৰী ক্ৰমে মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক ইতিমধ্যে অসম আৰক্ষী আৰু সেনাৰ যুটীয়া সহযোগত উদ্ধাৰ কৰা হৈছে ৷ কিন্তু আজিকোপতি সন্ধান নোলাল আনজন অপহৃত ৰিতুল শইকীয়াৰ । নাগালেণ্ডৰ এক দুৰ্গম স্থানত সেনা আৰু আলফাৰ অপহৰণকাৰী দলটোৰ মাজত হৈছিল সংঘৰ্ষ । দুই পক্ষৰ মাজত চলা প্ৰচণ্ড গুলীয়াগুলীৰ মাজতে নিৰুদ্দিষ্ট হৈছিল ৰিতুল শইকীয়া ।

লগতে পঢ়ক: মাজুলীত ভাগিনৰ সৈতে এসাঁজ খালে মামা হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.