ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ কেইবাজনো ৰাজনৈতিক নেতা - Ramen Dutta and few political leader blocked in the mid of Brahmaputra due to storm

মাজুলীত ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰীত আবদ্ধ হৈ পৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্তসহ কেইবাজনো ৰাজনৈতিক নেতা ৷ ব্ৰহ্মপুত্ৰৰ মাজৰে এটা অজ্ঞাত চাপৰিত আবদ্ধ হৈ আছে লোকসকল ৷

Ramen Dutta and few political leader blocked in the mid of Brahmaputra due to storm
ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ অসম ক্ৰিকেট সন্থাৰ সভাপতি সহ কেইবাজনো ৰাজনৈতিক নেতা
author img

By

Published : Apr 15, 2020, 8:54 PM IST

মাজুলী, 15 এপ্ৰিল: বুধবাৰে দুপৰীয়া ভাগৰ পৰা ৰাজ্যজুৰি তাণ্ডৱৰ সৃষ্টি কৰে এজাক প্ৰলয়ংকাৰী ধুমুহাই ৷ এই ধুমুহাৰ ফলত ৰাজ্যৰ বিভিন্ন জিলাত ক্ষতিগ্ৰস্ত হয় ঘৰ-দুৱাৰৰ লগতে খেতি পথাৰ আৰু গছ-গছনি ৷ ইয়াৰ সমান্তৰালকৈ হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয় নদী পথেৰে যাত্ৰা কৰা যাত্ৰী সকল ৷

ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ অসম ক্ৰিকেট সন্থাৰ সভাপতি সহ কেইবাজনো ৰাজনৈতিক নেতা

উল্লেখ্য যে ধুমুহাৰ ফলত মাজুলীত ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰীত আবদ্ধ হৈ পৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, বিজেপি নেতা মনোজ বৰা, বিজেপি কাৰ্যকৰ্তা লক্ষজিৎ হাজৰিকা,পৰশ প্ৰতিম শইকীয়াসহ নাৱৰ 5 জন কৰ্মচাৰী আৰু গড়মূৰ সৰু সত্ৰৰ সত্ৰাধিকাৰ হৰিদেৱ গোস্বামী ৷ প্ৰচণ্ড ধুমুহাৰ ফলত আতংকিত হৈ ব্ৰহ্মপুত্ৰৰ মাজৰে এটা অজ্ঞাত চাপৰিত আবদ্ধ হৈ থাকে লোকসকল ৷ বাতৰি প্ৰেৰণ কৰা পৰলৈকে ব্ৰহ্মপুত্ৰৰ মাজৰ পৰা পাৰলৈ আহিব পৰা নাই লোক কেইজন ৷

লগতে পঢ়কঃ তেজপুৰত কৃষি মন্ত্ৰী অতুল বৰাৰ জৰুৰী বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.