ETV Bharat / state

Raas Festival 2022: সত্ৰনগৰী মাজুলী উখল-মাখল - Preparation for Raas Leela in Assam

শ্ৰীকৃষ্ণৰ ৰাসলীলালৈ মাজত মাত্ৰ এটা দিন বাকী । ৰাজ্যৰ চৌদিশে এতিয়া ৰাসৰ ব্যাপক প্ৰস্তুতি চলিছে (Preparation for Raas Leela in Assam)। মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে সত্ৰনগৰীত ।

Preparation for Raas Leela in Majuli
সত্ৰ নগৰী মাজুলীত উখল-মাখল পৰিবেশে
author img

By

Published : Nov 5, 2022, 4:12 PM IST

মাজুলী,৫ নৱেম্বৰ: ৰাজ্যৰ চৌদিশ মুখৰিত বংশীৰ সপ্তম সুৰত । উজনি নামনি সকলোতে এতিয়া ৰাসৰ ব্যাপক প্ৰস্তুতি চলিছে (Preparation for Raas Leela in Assam)। শ্ৰীকৃষ্ণৰ ৰাসলীলালৈ মাজত মাত্ৰ এটা দিন বাকী থকাৰ মাজতে এতিয়া চাৰিওফালে ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে । ৰাসক লৈ উখল মাখল পৰিবেশে বিৰাজ কৰিছে মাজুলীত ।

সত্ৰ নগৰী মাজুলীত উখল-মাখল পৰিবেশে

মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱলৈ মাজত মাথো এটা দিন বাকী থকা অৱস্থাত প্ৰস্তুতি তুংগত উঠিছে(Preparation for Raas Leela in Majuli) । ৰাস বুলিলেই পোন প্ৰথমে মনলৈ আহে সত্ৰনগৰী মাজুলীৰ ছবিখন । মাজুলীৰ লগত ৰাসৰ আছে এক এৰাব নোৱৰা সম্পৰ্ক । এই ৰাস মহোৎসৱৰ সময়ত মাজুলী পৰিণত হয় দ্বিতীয় বৃন্দাবনলৈ । কৃষ্ণ লীলাৰ বন্দনাত মুখৰিত হয় সত্ৰনগৰী মাজুলীৰ আকাশ বতাহ ।

মাজুলীৰ প্ৰায় ১৪ খন সত্ৰ আৰু প্ৰায় অৰ্দ্ধ শতাধিক ৰঙ্গমঞ্চত অনুস্থিত হ'ব এই ৰাস মহোৎসৱ । বাৰিষাৰ বানে জুৰুলা কৰাৰ পাছত শৰৎ কালৰ এই মধুৰ সময়ত সকলো দুখ বেদনা একাষৰীয়া কৰি মাজুলীৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলো ব্যস্ত হৈ পৰে এই ৰাস মহোৎসৱৰ প্ৰস্তুতিত । সত্ৰ আৰু ৰঙ্গমঞ্চ সমূহত দুপৰ নিশালৈকে চলিছে আখৰা । কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিছে মাজুলীৰ আকাশ বতাহ ।

এফালে কংসৰ গৰ্জন আনফালে ৰাসৰ সুমধুৰ গীত । খোল-তাল, বাঁহীৰ সুৰত দ্বিতীয় বৃন্দাবনলৈ পৰিণত মাজুলী । সমানে প্ৰস্তুতি চলিছে মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰতো । এইবেলি ঐতিহাসিক সত্ৰখনে ১৮৩ তম ৰাস মহোৎসৱ পালন কৰিবলৈ আগবাঢ়িছে । যাৰ বাবে সত্ৰখনৰ সকলো ভকত বৈষ্ণৱ ব্যস্ত হৈ পৰিছে ৰাসৰ আখৰাত । এই মহোৎসৱ উপভোগ কৰিবৰ বাবে সকলোকে আমন্ত্ৰণ জনাইছে সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামীয়ে ।

লগতে পঢ়ক: Raas preparation: মুকালমুৱাৰ ৰামপুৰত শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ প্ৰস্ততি তুংগত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.