ETV Bharat / state

Janardan Dev Goswami Controversy: জনাৰ্দ্দন দেৱ গোস্বামীৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া অব্যাহত

সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ভিন্নজন ৷ শেহতীয়াকৈ শংকৰদেৱৰ সম্পৰ্কতো সত্ৰাধিকাৰগৰাকীয়ে বিতৰ্কিত মন্তব্য কৰা ঘটনাক দুৰ্ভাৰ্ভাগ্যজনক আখ্যা দিছে ভিন্নজনে (Satradhikar Janardan Deva Goswami)৷

Janardan Dev Goswami Controversy
জনাৰ্দ্দন দেৱ গোস্বামীৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া অব্যাহত
author img

By

Published : Oct 19, 2022, 11:44 AM IST

Updated : Oct 19, 2022, 1:06 PM IST

মাজুলী,১৯ অক্টোবৰ: ইটোৰ পাছত সিটো বিতৰ্কিত মন্তব্য আগবঢ়াই আহিছে দক্ষিণপাট গৃহশ্ৰমি সত্ৰৰ(Dakhinpat Satra Majuli) সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীয়ে । প্ৰথমে মাজুলীত দুৰ্গা পূজা অনুষ্ঠিত কৰিব লাগে বুলি দক্ষিণপাট গৃহশ্ৰমি সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে (Satradhikar Janardan Deva Goswami) মন্তব্য কৰাৰ পাছত সমগ্ৰ ৰাজ্যজুৰি সত্ৰাধিকাৰজনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যবাসী ৷

জনাৰ্দ্দন দেৱ গোস্বামীৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া অব্যাহত

এই বিতৰ্ক অব্যাহত থাকোতেই পুনৰ অন্য এক বিতৰ্কিত মন্তব্য কৰিলে সত্ৰাধিকাৰগৰাকীয়ে ৷ মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱ(Srimanta Sankardev) সন্দৰ্ভতো বিতৰ্কিত মন্তব্য আগবঢ়াই জনাৰ্দন দেৱ গোস্বামীয়ে । সত্ৰাধিকাৰগৰাকীৰ মতে শংকৰদেৱ গুৰু নহয় ৷ শংকৰদেৱ এজন মহাপুৰুষ, বিজ্ঞানী, অসমৰ প্ৰথম ক্ৰীড়াবিদ । ইয়াতকৈও এখোপ ওপৰলৈ গৈ মহাপুৰুষসকল ধৰ্ম নিৰপেক্ষ নাছিল বুলিও বিস্ফোৰক মন্তব্য কৰিলে জনাৰ্দন দেৱ গোস্বামীয়ে ।

শ্ৰীমন্ত শংকৰদেৱক ধর্ম নিৰপেক্ষ নাছিল বুলি সত্ৰাধিকাৰগৰাকীয়ে মন্তব্য আগবঢ়োৱাৰ পাছতেই অধিক জাঙুৰ খাই উঠিছে ৰাজ্যৰ বিভিন্নজন । সত্ৰাধিকাৰগৰাকীয়ে এনেধৰণৰ মন্তব্য কৰি বিতৰ্কত থাকি ভাল পায় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মাজুলীৰ স্থানীয় লোকে । জনাৰ্দন দেৱগোস্বামীয়ে জানি বুজি এনেকুৱা মন্তব্য আগবঢ়াই সদায় চৰ্চাত থাকিবলৈ বিচাৰে বুলি কয় মাজুলীৰ স্থানীয় ৰাইজে ।

কাৰ প্ৰৰোচনাত পৰি সত্ৰাধিকাৰে সংঘটিত কৰিছে এনেধৰনৰ কাণ্ড সেইটো এতিয়া ডাঙৰ প্ৰশ্নৰ বিষয় বুলি উল্লেখ কৰে মাজুলীৰ ৰাইজে । সত্ৰাধিকাৰগৰাকীয়ে মাজুলীবাসীকেই ৰাজ্যবাসীৰ সমুখত লজ্জানত কৰিছে বুলি অভিযোগ উত্থাপন কৰে ৷ জনাৰ্দ্দনক বুজোৱাৰ দায়িত্ব কোনে ল'ব বুলি প্ৰশ্ন কৰে মাজুলীৰ সচেতন মহল আৰু সত্ৰাধিকাৰ, সত্ৰৰ বৈষ্ণৱ সকলে ।

ইফালে আন একাংশৰ মতে তেওঁ শংকৰদেৱক নামানে যদি অসম ত্যাগ কৰক । আকৌ এবাৰ জেলৰ ভাত খাই আহকগৈ । কয়দীসকলক শংকৰদেৱ গুৰু হয়নে নহয় সুধিবলৈ পৰামৰ্শ দি তেঁওলোকে কয় যে যদি কয়দীসকলে নহয় বুলি কয় তেন্তে মানি লম বুলি মন্তব্য কৰে নতুন চামগুৰি সত্ৰৰ সত্ৰাধিকাৰগৰাকীয়ে ৷

ইফালে জনাৰ্দ্দন দেৱ গোস্বামী সত্ৰাধিকাৰ নহয় ৷ সৰ্বগুনাকৰ শংকৰদেৱেক গুৰু বুলি কওক আমি ভাল পাম । জনাৰ্দ্দন দেৱ গোস্বামীয়ে শংকৰদেৱেক লৈ যি মন্তব্য কৰিছে সেইয়া অতি দুভাগ্যজনক বুলি উল্লেখ কৰে মুখাশিল্পী হেমচন্দ্ৰ গোস্বামীয়ে ।

লগতে পঢ়ক: Protest in Gauripur: ধুবুৰীৰ গৌৰীপুৰত শিল্পী সমাজৰ প্ৰতিবাদ

Last Updated : Oct 19, 2022, 1:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.