মাজুলী, 7 ডিচেম্বৰঃ মোডী কেবিনেটত কেব অনুমোদন জনোৱাৰ পিচতে কেবৰ বিৰোধিতাৰে জ্বলিছে সমগ্ৰ ৰাজ্য ৷ একেদৰে মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীতো ছাত্ৰ-ছাত্ৰী সকলে কেবৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ শনিবাৰে মাজুলীত মহাবিদ্যালয়ৰ শ্ৰেণী কোঠা এৰি কেবৰ বিৰোধিতা কৰি ছাত্ৰ-ছাত্ৰী সকল ওলাই পৰিল ৰাজপথত।

অসম চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে কেব বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰিব নোৱাৰে বুলি নিৰ্দেশ দিছিল ৷ তেনে সময়তে শিক্ষা বিভাগক বুঢ়া আঙুলি দেখুৱাই মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিতে মাজুলীৰ বহু কেইখন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে কেবৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে গড়মূৰ মিনি ষ্টেডিয়ামৰ পৰা উপায়ুক্ত কাৰ্যালয়লৈ ওলাই আহে প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীসকল। প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন কেব বিৰোধী ধ্বনিৰে উপায়ুক্ত কাৰ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে ৷ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতিবাদৰ বাবে এঘন্টা ধৰি জিলা সদৰ গড়মূৰত স্তব্ধ হৈ পৰে জনজীৱন ৷