ETV Bharat / state

মাজুলীত আবতৰীয়া বিহু - মাজুলীৰ ২নং ফুলনিৰ আত্ম সহায়ক গোট

20 ফেব্ৰুৱাৰীত মাজুলীলৈ আহিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ সেয়ে গামোচা বোৱাৰ এক অঘোষিত প্ৰতিযোগিতা চলিছে মাজুলীৰ জীয়ৰী-বোৱাৰীৰ মাজত ৷ মুখ্যমন্ত্ৰীক সম্বৰ্ধনা জনাবলৈ মাজুলীৰ শিপিনীয়ে বৈছে ১০ হাজাৰতকৈ কৈ অধিক গামোচা ৷ মাজুলীৰ ২নং ফুলনিৰ আত্ম সহায়ক গোটে এখন বিশেষ গামোচা প্ৰস্তুত কৰি উলিয়াইছে, যিখন হৈছে 24 ফুট দীঘল আৰু 4 ফুট বহল ।

আৱতৰীয়া বিহু মাজুলীত
আৱতৰীয়া বিহু মাজুলীত
author img

By

Published : Feb 12, 2021, 2:11 PM IST

মাজুলী, 12 জানুৱাৰীঃ ব্যস্তাৰ অন্ত নাই মাজুলীৰ মহিলা সকলৰ ৷ যেন গামোচা বোৱাৰ এক অ-ঘোষিত প্ৰতিযোগিতাহে চলিছে মাজুলীৰ জীয়ৰী-বোৱাৰীৰ মাজত ৷ কিয়নো 20 ফেব্ৰুৱাৰীত মাজুলীলৈ আহিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ সেয়ে ব্যস্ততাৰ অন্ত নাই মাজুলীৰ মহিলা সকলৰ মাজত ৷

মহিলাসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ আত্ম সহায়ক গোট সমূহক প্ৰদান কৰিছে আৰ্থিক সাহাৰ্য ৷ যাৰ বাবে স্বাৱলম্বীতাৰ দিশত আগবাঢ়িবলৈ সক্ষম হৈছে ৰাজ্যৰ মহিলাসকল ৷

আৱতৰীয়া বিহু মাজুলীত

উল্লেখ্য যে, ২০১৬ চনত মাজুলী বিধান সভা সমষ্টিৰ পৰা অসম বিধান সভালৈ নিৰ্বাচিত হৈ অসমৰ মুখ্য মন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মুখ্যমন্ত্ৰী হোৱাৰ পাছতেই সৰ্বানন্দ সোণোৱালে মাজুলীৰ উন্নয়ণৰ বাবে হাতত লৈছিল বহু কেইটা আঁচনি ৷

স্বাধীনতাৰ পাছৰ ৭টা দশকত যি উন্নয়ন সম্ভৱ হৈ নুঠিছিল, সেয়া কিছু পৰিমাণে কম সময়ৰ ভিতৰতে কৰি দেখুৱালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । বহু পৰিমাণে উন্নত হ’ল ৰাস্তা ঘাট ৷ আনকি অসম বিধান সভালৈ নিৰ্বাচিত হৈয়ে তেওঁ প্ৰথমে মাজুলীক জিলা হিচাপে স্বীকৃতি প্ৰদান কৰিলে ৷ যাক লৈ আনন্দিত মাজুলি বাসী ৷ আনকি সমাগত বিধান সভাৰ নিৰ্বাচনতো মাজুলী বাসী ৰাইজে সৰ্বানন্দ সোণোৱালক মাজুলীৰ পৰা প্ৰতিনিধিত্ব কৰাটো বিচাৰিছে ৷

ইফালে মহিলাৰ উন্নয়ণৰ শিতান দেখুৱাবলৈ বিশেষ প্ৰস্তুতি মাজুলীৰ মহিলা সকলৰ মাজত ৷ মুখ্যমন্ত্ৰী সোণোৱালক ২০ ফেব্ৰুৱাৰীত ৰাজহুৱা অনুষ্ঠানত সম্বৰ্ধনা জনাবলৈ মাজুলীৰ শিপিনী বৈছে ১০ হাজাৰতকৈ কৈ অধিক গামোচা ৷ মাজুলীৰ ২নং ফুলনিৰ আত্ম সহায়ক গোটে এখন বিশেষ গামোচা প্ৰস্তুত কৰি উলিয়াইছে, যিখন হৈছে 24 ফুট দীঘল আৰু 4 ফুট বহল ।

এনেদৰেই এতিয়া উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে মাজুলিত ৷

লগতে পঢ়কঃ নলবাৰীত অসম গণ পৰিষদৰ কৰ্মী সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.