ETV Bharat / state

মাজুলীত ভূমিপূজন কৰি বিজতৰীয়া সংস্কৃতি আনিলে বিজেপিয়ে : প্ৰদ্যুৎ বৰদলৈ - মাজুলী দলং

ভূমিপূজন বিজতৰীয়া সংস্কৃতি ৷ মাজুলীত দলং হ’লে সত্ৰীয়া পৰম্পৰাত ব্যাঘাত জন্মিব বুলি প্ৰতিবাদ কৰা একাংই সত্ৰীয়া সংস্কৃতিৰ হৃৎপিণ্ডত ভূমিপূজন কৰোতে কিয় মাত নামাতিলে বুলি প্ৰশ্ন কৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে (Pradyut Bordoloi reacts on Bhumi Pujan in Majuli) ৷

Pradyut Bordoloi reacts on Bhumi Pujan in Majuli
মাজুলীত ভূমিপূজন কৰি বিজতৰীয়া সংস্কৃতি আনিলে বিজেপিয়ে
author img

By

Published : Mar 5, 2022, 5:48 PM IST

মাজুলী, 5 মাৰ্চ: মাজুলীত দলং হ’লে সত্ৰীয়া সংস্কৃতিত বিৰূপ প্ৰভাৱ পৰিব বুলি এসময়ত মন্তব্য কোৱা একাংশ সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত লোকে, বিজতৰীয়া সংস্কৃতি ভূমিপূজন কৰোতে মাত নামাতিলে কিয় বুলি প্ৰশ্ন কৰিলে সাংসদ প্ৰদ্যৎ বৰদলৈয়ে (Pradyut Bordoloi reacts on Bhumi Pujan in Majuli)৷ মাজুলীৰ একাংশ সত্ৰৰ লগত জড়িত লোক বিজেপি দলৰ জেপত সোমাই থকা বুলিও অভিযোগ তুলিলে সাংসদগৰাকীয়ে ৷

ভূমিপূজন বিজতৰীয়া সংস্কৃতিঃ প্ৰদ্যুৎ বৰদলৈ

শনিবাৰে মাজুলীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতা তথা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে এক সংবাদমেল সম্বোধন কৰে ৷ মাজুলী সমষ্টিৰ উপ-নিৰ্বাচনক মূল বিষয়বস্তু হিচাপে লৈ সম্বোধন কৰা সংবাদমেলখনত সাংসদগৰাকীয়ে বিজেপি দলক চোকা সমালোচনা কৰাৰ লগতে সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত একাংশকো সমালোচনা কৰে ৷ মাজুলীত দলং হ’লে সত্ৰীয়া সংস্কৃতিত বিৰুপ প্ৰভাৱ পৰিব বুলি প্ৰতিবাদ সাব্যস্ত কৰাসকলক প্ৰদ্যুৎ বৰদলৈয়ে প্ৰশ্ন কৰে যে, সত্ৰীয়া সংস্কৃতিৰ হৃৎপিণ্ডস্বৰূপ মাজুলীত বিজেপিয়ে বিজতৰীয়া ভূমিপূজন কৰোতে তেওলোক নিমাত কিয়?

কংগ্ৰেছ নেতাজনে কয় যে, প্ৰধানকৈ মাজুলীত দলঙৰ (connecting bridge to Majuli) নামত ৰাজনীতি কৰিছে শাসকীয় বিজেপি দলে । এই ৰাজনীতিৰ ফল ভোগ কৰিবলগা হৈছে মাজুলীৰ সাধাৰণ ৰাইজে। সংবাদ মেলত নেতাগৰাকীয়ে কয়, বিজেপি মিত্ৰজোঁটৰপ প্ৰাৰ্থীগৰাকী কংগ্ৰেছৰ সমৰ্থিত প্ৰাথীগৰাকীৰ লগত গুণগতভাৱে আকাশ-পাতাল পাৰ্থক্য আছে । কংগ্ৰেছ দলে এবাৰ কথা দিলে কথা ৰাখে বুলি মন্তব্য কৰি সাংসদগৰাকীয়ে কয় যে, মাজুলী সমষ্টিতো অসম জাতীয় পৰিষদক এৰি দিয়া কথা আছিল আৰু কথামতে এৰি দিয়া হ’ল । অসম জাতীয় পৰিষদ দলে প্ৰাথীত্ব দিয়া চিত্তৰঞ্জন বসুমতাৰী মাজুলীৰ পৰা জয়ী হ’ব বুলি নিশ্চিতি প্ৰদান কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।

লগতে পঢ়ক: বৰপেটাৰ ভিন্ন অঞ্চলৰ পৰা আটক পাঁচ জেহাদী সদস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.