ETV Bharat / state

দুই সন্তানক শিক্ষিত কৰাৰ হেঁপাহ এগৰাকী দুৰ্ভগীয়া মাতৃৰ

author img

By

Published : May 26, 2021, 1:14 PM IST

দিন-হাজিৰা কৰি দুই সন্তানক পোহপাল দিয়া মাজুলীৰ এগৰাকী অসহায় মহিলা ৷ দুয়োটা চকুৰে নেদেখা মহিলাগৰাকীৰ জীৱনৰ সৈতে হাৰ নামানি শিক্ষিত কৰাৰ হেঁপাহ দুই সন্তানক ৷ সেয়েহে সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান চৰকাৰ কিম্বা জন প্ৰতিনিধিক ৷

majuli poor woman needs help
মাজুলীৰ দুখীয়া মাতৃক সহায়ৰ প্ৰয়োজন

মাজুলী,26 মে’ : কিমান নিষ্ঠুৰ হ'লে নিজৰ সন্তানক এৰি থৈ যাব পাৰে এগৰাকী পিতৃয়ে, সেই কথা খুলি নকলেও সকলোৰে অনুমেয় । মাজুলীৰ এই গৰাকী ৰাণু বৰাক দুই কন্যা সন্তানৰ সৈতে অথায় সাগৰত পেলাই থৈ স্বামীয়ে কেইবাবছৰৰ আগত ঘৰ এৰি গুচি যায় । মাজুলীৰ এগৰাকী অসহায় মহিলাক এতিয়া প্ৰয়োজন হৈছে অকণমান সহায়ৰ ৷ কেইবছৰমান পূৰ্বে ৰাণু বৰা নামৰ মহিলাগৰাকীক দুই কন্যা সন্তানৰ সৈতে অথায় সাগৰত পেলাই থৈ ঘৰ এৰি গুচি গৈছিল স্বামীয়ে ৷

মাজুলীৰ দুখীয়া মাতৃক সহায়ৰ প্ৰয়োজন

লোকৰ ঘৰত কাম কৰি কৰি দুই সন্তানৰ সৈতে সংসাৰ চলাই নিয়াৰ সময়তে দুৰ্ভাগ্যবশতঃ চকুৰে নেদেখা হ’ল মহিলাগৰাকীয়ে । নিৰুপায় হৈ ভনীয়েকৰ আশ্ৰয়ত থাকি হাৰ মানিব নিবিচৰা এইগৰাকী মহিলাই দুই কন্যা সন্তানক শিক্ষিত কৰাৰ হেঁপাহ পুহি ৰাখিছে ৷ নিজৰ সন্তানৰ যাতে তেওঁৰ দৰে অৱস্থা নহয়, তাৰ বাবে দুয়োকে স্বাৱলম্বী কৰি তুলিব বিচাৰিছে ৰাণুৱে । সেয়েহে সন্তান দুটাক জীৱন-নিৰ্বাহৰ পথ দেখুৱাবলৈ চৰকাৰ তথা জনপ্ৰতিনিধিক আহ্বান জনাইছে দুৰ্ভগীয়া মহিলাগৰাকীৰ লগতে গাঁওবাসীয়ে ৷

লগতে পঢ়ক : প্ৰকৃত কৃষকৰ পৰিৱৰ্তে ভুৱা কৃষকৰ হাতলৈ আঁচনিৰ ধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.