ETV Bharat / state

মুখ্যমন্ত্ৰীৰ সমষ্টিত জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে ৰাইজক

author img

By

Published : Oct 4, 2020, 8:35 AM IST

মাজুলিৰ ফুলনি পঞ্চায়তৰ ১নং ৱাৰ্ডৰ একমাত্ৰ পথটোৱে প্ৰায় ২০-৩০ খন গাৱঁক মাজুলিৰ মূল পথৰ সৈতে সংযোগ কৰে ৷ কিন্তু আজি পৰ্যন্ত পকীকৰণৰ ব্যৱস্থা কৰা নহ’ল পথটো ৷

Poor road condition at CM's constituency Majuli
মুখ্যমন্ত্ৰীৰ সমষ্টিত জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে ৰাইজক

মাজুলী, 4 অক্টোবৰঃ শাসকীয় চৰকাৰখনে সকলো সময়তেই উন্নয়নৰ ঢাক-ঢোল বজালেও মুখ্যমন্ত্ৰী নিজৰ সমষ্টিতেই পথৰ জৰাজীৰ্ণ অৱস্থাই জ্বলা-কলা খুৱাইছে ৰাইজক ৷ মাজুলিৰ ফুলনি পঞ্চায়তৰ ১নং ৱাৰ্ডৰ একমাত্ৰ পথটোৱে প্ৰায় ২০-৩০ খন গাৱঁক মাজুলিৰ মূল পথৰ সৈতে সংযোগ কৰে ৷ কিন্তু আজি পৰ্যন্ত পকীকৰণৰ ব্যৱস্থা কৰা নহ’ল পথটোৰ ৷ আনহাতে, এই পথছোৱাই অঞ্চলটোৰ এক মাত্ৰ চিকিৎসা কেন্দ্ৰ ৰঙাচাহী ৰাজ্যিক চিকিৎসালয়কো সংযোগ কৰে ৷

পথছোৱাৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে অঞ্চলটোলৈ জৰুৰী কালীন সেৱাসমূহৰ লগতে স্বাস্থ্য সেৱা গ্ৰহণৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ সেয়েহে ভূক্তভোগী ৰাইজে অসমৰ মুখ্যমন্ত্ৰী তথা স্থানীয় বিধায়ক সৰ্বানন্দ সোণোৱালক অতি শীঘ্ৰে পথছোৱা পকীকৰণৰ ব্যৱস্থা কৰাৰ বাবে আহ্বান জনাইছে ৷ অন্যথা আগন্তুক বিধানসভা নিৰ্বাচনত ভোট বৰ্জনৰো হুংকাৰ প্ৰদান কৰে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক-নগাঁৱত ছুৰীকাঘাতত প্ৰাণ হেৰুৱালে ব্যৱসায়ীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.