ETV Bharat / state

Police SI detained: প্ৰাক্তন প্ৰেয়সীৰে মাৰপিট কৰি আটক এছ আই পৰাগ চৌধুৰী

আৰক্ষী উপ-পৰিদৰ্শকৰ ভাৰা কোঠাৰ পৰা পুৱাই ভাঁহি আহিল যুৱতীৰ আৰ্তনাদ ৷ কি হৈছে বুলি ঘটনাৰ উমান ল’বলৈ কাষ চাপি আহিল স্থানীয় ৰাইজ ৷ উপস্থিত হ’ল আৰক্ষীও ৷ তেতিয়াহে পোহৰলৈ আহিল আচল ঘটনা ৷ এছ আই ছাৰৰ সৈতে দুৰ্বাদল কাজিয়াত লিপ্ত হৈছিল তেওঁৰ প্ৰাক্তন প্ৰেয়সী (Tense situation in Majuli)৷ কাজিয়াৰ মাজতে হোৱা হতাহতিত আঘাতপ্ৰাপ্ত হ’ল দুয়োগৰাকী ৷ এই ঘটনা মাজুলীৰ ৷

author img

By

Published : Jan 25, 2023, 10:46 PM IST

Police SI detained
মাৰপিট কৰি আটক এছ আই পৰাগ চৌধুৰী

মাজুলী, 25 জানুৱাৰী: মাজুলীত পুনৰ চৰ্চালৈ আহিছে এগৰাকী আৰক্ষী উপ-পৰিদৰ্শক ৷ জোনমণি ৰাভাৰ পাচত মাজুলীত এইবাৰ চৰ্চিত হৈছে মাজুলী থানাৰ উপ-পৰিদৰ্শক পৰাগ চৌধুৰী ৷ এইবাৰো কাহিনীৰ আঁৰত আছে প্ৰেম ৷ এছ আই পৰাগ চৌধুৰীৰ দৰিয়া গাঁওস্থিত ভাৰাঘৰত পুৱাই লাগিল হুলস্থুল ৷ ঘৰৰ ভিতৰৰ পৰা ভাঁহি আহিল চিঞৰ-বাখৰৰ লগতে এটা নাৰী কণ্ঠৰ আৰ্তনাদ ৷ ঘটনাক লৈ হতচকিত হৈ পৰে চুবুৰীয়া লোকসকল (Majuli Police SI controversy) ৷

আচলতে, মঙলবাৰে নিশা এগৰাকী যুৱতীয়ে আশ্ৰয় গ্ৰহণ কৰিছিল পৰাগ চৌধুৰীৰ ভাৰাকোঠাত ৷ নিশাটো পাৰ হোৱাৰ পাচত পুৱাই এছ আই চৌধুৰীৰ কোঠাত সৃষ্টি হয় হুলস্থুলীয়া পৰিবেশৰ (Majuli SI Parag Choudhury) ৷ নিশা আহি আশ্ৰয় লোৱা সেই যুৱতীগৰাকী আন কোনো নহয় ৷ তেওঁ এছ আই পৰাগ চৌধুৰীৰ প্ৰাক্তন প্ৰেয়সী ৷ কোনো কথাত দুয়োৰে মাজত মতানৈক্যৰ সৃষ্টি হৈ পাচত সেই কাজিয়া ডাঙৰ হৈ পৰে ৷ হুলস্থূল শুনি সেই স্থানত উপস্থিত হয় স্থানীয় লোক (Police SI engaged in fight with ex gf) ৷

ভাৰাঘৰৰ গৰাকীয়ে জানিবলৈ দিয়া মতে, প্ৰায় এমাহ পূৰ্বে এছ আই পৰাগ চৌধুৰীয়ে সেই কোঠাটো ভাৰালৈ লৈছিল ৷ আৰক্ষী বিষয়াজনৰ সৈতে আন এগৰাকী যুৱকো আছিল বুলি ব্যক্তিগৰাকীয়ে সংবাদ মাধ্যমক জনায় ৷ কিন্তু মঙলবাৰে নিশা আহি সেই কোঠাত আশ্ৰয় লৈছিল এছ আই চৌধুৰীৰ প্ৰাক্তন প্ৰেয়সীয়ে ৷ তাৰ পাচতেই পুৱালৈ সৃষ্টি হয় এই হুলস্থূলীয়া পৰিবেশৰ (Tense situation in Majuli) ৷

কোঠাৰ ভিতৰৰ পৰা যুৱতীৰ চিঞৰ ভাঁহি অহাত কোঠাৰ বাহিৰত ভিৰ কৰেহি স্থানীয় লোকে ৷ কোনোৱে খবৰ দিয়াত আৰক্ষীও আহি উপস্থিত হয় সেই স্থানত ৷ আৰক্ষীয়ে এছ আই পৰাগ চৌধুৰী আৰু যুৱতীগৰাকীক চিকিৎসালয়লৈ লৈ যায় ৷ দুয়োৰে মাজত হোৱা হতাহতিত এছ আই চৌধুৰী আৰু তেওঁৰ প্ৰাক্তন প্ৰেয়সী দুয়োৱেই কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয় ৷ যুৱতীগৰাকীক প্ৰথমে গড়মূৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও, পৰৱৰ্তী সময়ত উন্নত চিকিৎসা বাবে তেওঁক যোৰহাটলৈ প্ৰেৰণ কৰা হয় ।

উল্লেখ্য যে যোৰহাটলৈ যোৱাৰ পূৰ্বে যুৱতীগৰাকীয়ে কমলাবাৰী থানাত এছ আই পৰাগ চৌধুৰীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ৷ আৰক্ষী বিষয়াগৰাকীয়ে প্ৰহাৰ কৰাৰ অভিযোগ তুলিছে তেওঁৰ প্ৰাক্তন প্ৰেয়সীয়ে (FIR launched against police SI) ৷ কমলাবাৰী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 324 আৰু 307 ৰ অধীনত 07/23 নম্বৰত এটা গোচৰ ৰুজু হোৱাৰ পাচতেই আৰক্ষীয়ে জিম্মাত লয় এছ আই পৰাগ চৌধুৰীক (Police SI detained in Majuli) ৷ কিন্তু ঘটনা সন্দৰ্ভত এছ আই পৰাগ চৌধুৰীৰ লগতে মাজুলীৰ আৰক্ষী অধীক্ষক আৰু মাজুলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই মন্তব্য কৰাৰ পৰা বিৰত থাকে ৷

লগতে পঢ়ক: Public Meeting in Barpeta: জেহাদীৰ পত্ৰ উদ্ধাৰক লৈ বৰপেটাত ৰাইজমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.