ETV Bharat / state

মাজুলীৰ এজন প্ৰচাৰ বিমুখ লোকবাদ্য শিল্পী

author img

By

Published : Jul 17, 2021, 10:49 PM IST

ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে ৰাজ্যৰ অধিকাংশ শিল্পী, কলা-কুশলীয়ে সংস্থাপন হেৰুৱাইছে ৷ উপাৰ্জন সম্পূৰ্ণৰূপে বন্ধ ৷ গতিকে সৃষ্টিশীল বৃত্তি ত্যাগ কৰি শিল্পীসকলে গ্ৰহণ কৰিছে উপাৰ্জনৰ অন্য পন্থা ৷ এইসকলৰ মাজৰে এগৰাকী হৈছে মাজুলীৰ লোকবাদ্য শিল্পী ৰত্ন বৰা ৷

impact of covid pandemic
ক'ভিডে বৃত্তি কাঢ়ি লোৱা শিল্প সকলৰ খবৰ লৈছে নে ?

মাজুলী, 17 জুলাই : ক'ভিড সৃষ্ট পৰিৱেশে দেশৰ লগতে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈও অনিশ্চয়তা কঢ়িয়াই আনিছে ৷ প্ৰায় স্তব্ধ হৈ পৰিল সাংস্কৃতিক ক্ষেত্ৰখন ৷ ক'ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ তথা প্ৰশাসনে জাৰি কৰা আংশিক লক ডাউনৰ ফলত শিল্পী আৰু কলা-কুশলীসকলৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰিল ৷ যাৰ ফলত একাংশ শিল্পী তথা কলা-কুশলীয়ে নিজৰ বৃত্তি ত্যাগ কৰি অৰ্থ উপাৰ্জনৰ বাবে অন্য পথ বাছি ল'বলৈ বাধ্য হ'ল ৷

শুকুৰবাৰে বিধানসভাত 2021-22 বৰ্ষৰ অসম বাজেট দাখিল কৰা হ'ল যদিও বাজেট ভাষণত বিত্তমন্ত্ৰী অজন্তা নেওগে ক'ভিডৰ এই সময়চোৱাত সংস্থাপন হেৰুৱা শিল্পী তথা কলা-কুশলীসকলক সকাহ দিব পৰাকৈ কোনো কথাই ঘোষণা নকৰিলে ৷ যিয়ে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক আগুৱাই নিয়াত বিশেষ ভূমিকা পালন কৰা শিল্পী, কলা-কুশলীসকলক অধিক হতাশ কৰিছে ৷ থিয়েটাৰ ক্ষেত্ৰখনৰ জৰিয়তে ৰাজ্যৰ প্ৰায়সংখ্যক শিল্পী, কলা-কুশলীয়ে জীৱিকাৰ এক পথ বিচাৰি পাইছিল ৷ কিন্তু 2020 বৰ্ষৰ পৰা বৰ্তমান সময়লৈকে থিয়েটাৰ ক্ষেত্ৰখন একেবাৰে বন্ধ হৈ আছে ৷

যাৰ ফলত সংস্থাপন হেৰুৱালে বহুসংখ্যক শিল্পী তথা কলা-কুশলীয়ে ৷ এয়া মাত্ৰ এটা উদাহৰণহে ৷ থিয়েটাৰ দৰে অন্যান্য সাংস্কৃতিক ক্ষেত্ৰত ৰাজ্যৰ বহু শিল্পী সংস্থাপিত হৈ আছিল ৷

ক'ভিডে বৃত্তি কাঢ়ি লোৱা শিল্পীসকলৰ খবৰ লৈছে নে ?

এতিয়া সীমিত সংখ্যক শিল্পী, কলা-কুশলীৰ বাহিৰে অধিক সংখ্যক শিল্পীয়ে সংস্থাপন হেৰুৱাইছে ৷ ৰাজ্যৰ কোনো কোনো শিল্পীয়ে পৰিয়াল পোহপাল দিবৰ বাবে পদপথত শাক-পাচলিৰ বিক্ৰী কৰিছে ৷ অন্য একাংশই আকৌ মাছ-মাংস বিক্ৰী কৰি জীৱিকাৰ পথ বাচি লৈছে ।

এইসকলৰ মাজৰে এগৰাকী হৈছে মাজুলীৰ লোকবাদ্য শিল্পী ৰত্ন বৰা ৷ এসময়ত যোৰহাট আৰু ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত বহু জনপ্ৰিয় কণ্ঠশিল্পীৰ লগত বাদ্যযন্ত্ৰ সংগত কৰিছিল ৰত্ন বৰাই ৷ তদুপৰি অসমৰ বাহিৰত মাজুলীৰ সাংস্কৃতিক দলৰ হৈ অনুষ্ঠান পৰিৱেশন কৰি গৌৰৱ বুটলিবলৈ সক্ষম হৈছিল মাজুলীৰ এইগৰাকী শিল্পীয়ে ৷ বৰ্তমান লোকবাদ্য শিল্পীগৰাকীৰ অৱস্থা একেবাৰে পানীত হাঁহ নচৰা ৷

দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালটো পৰিচালনা কৰিবলৈ শিল্পীগৰাকীয়ে কৰি গৈছে কঠোৰ জীৱন সংগ্ৰাম । চৰকাৰী পক্ষৰ ফালৰ পৰাও চৰম অৱহেলিত শিল্পীগৰাকী । চৰকাৰৰ ফালৰ পৰা ৰত্ন বৰাই আজিকোপতি লাভ কৰা নাই কোনো আৰ্থিক সাহায্য ৷ গতিকে মাজুলীৰ লোকবাদ্য শিল্পীগৰাকীয়ে আৰ্থিভাৱে অলপ হ'লেও সহায়ৰ হাত আগবঢ়াবলৈ চৰকাৰক অনুৰোধ জনাইছে ৷

লগতে পঢ়ক: সৰিয়হৰ ডুলিত ভূত: সচিবালয়ৰ পৰা চোৰে নিলে বিধায়কৰ বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.