মাজুলী, 12 নৱেম্বৰ : হৰিনামৰ ধ্বনিৰে মুখৰিত হ’ল মাজুলীৰ ঐতিহাসিক আউনিআটী সত্ৰ ৷ আজিৰে পৰা মাজুলীৰ ঐতিহাসিক আউনিআটী সত্ৰত আৰম্ভ হৈছে পালনাম মহোৎসৱ (Palnam Mahotsav organize in Majuli)। যাৰবাবে পুৱাৰে পৰা এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে মাজুলীৰ ঐতিহাসিক সত্ৰখনত ৷
উল্লেখ্য যে, পৰম্পৰা অনুসৰি প্ৰত্যেক বছৰে কাতি মাহৰ 25 তাৰিখৰ পৰা 5 দিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে এই পালনাম মহোৎসৱ ভাগি আয়োজন কৰা হয় ৷ অৱশ্যে একাদশী তিথি থাকিলে এদিন আগতীয়াকৈ অনুষ্ঠিত কৰা হয় পালনাম (Palnam Mahotsav in Majuli) ।ব্যতিক্ৰম নহয় এই বছৰো ৷
আউনিআটী সত্ৰখনে 369 বছৰীয়া পৰম্পৰা অটুট ৰাখি আজিৰ পৰা আয়োজন কৰিছে এই পালনাম মহোৎসৱ ভাগি ৷
এই পালনাম মহোৎসৱৰ বাবে ইতিমধ্যে ঐতিহাসিক সত্ৰখনলৈ আগমন ঘটিছে বহু দেশী-বিদেশী পৰ্যটকৰ । ইফালে পৰ্যটকৰ লগতে সত্ৰলৈ অহা ভকত বৈষ্ণৱক আদৰিবলৈ ইতিমধ্যে সাজু হৈছে সত্ৰৰ বৈষ্ণৱসকলো । আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ঐতিহাসিক সত্ৰখন ।
বিগত দুটাকৈ বছৰে ক’ভিড মহামাৰীৰ ভয়াবহতাৰ বাবে এই মহোৎসৱত ভক্তৰ সমাগম কম হৈছিল ৷ কিন্তু এই বছৰ হাজাৰ হাজাৰ লোকৰ সমাগম হ’ব বুলি আশা কৰিছে ঐতিহাসিক আউনিআটী সত্ৰৰ ভকত বৈষ্ণৱসকলে । আনহাতে, এই পালনাম মহোৎসৱলৈ আহি প্ৰভুৰ শ্ৰীচৰণত মূৰ দোঁৱাই চাকি-বন্তি জ্বলাই সকলোৱেৰে অসূয়া আৰোগ্য কামনা কৰিছে ভক্তপ্ৰাণ ৰাইজে ৷
আউনিআটী সত্ৰৰ পালনাম মহোৎসৱৰ ইতিবৃত্ত অনুসৰি, শ্ৰীমন্ত শংকৰদেৱে প্ৰথমে পালনাম মহোৎসৱৰ আয়োজন কৰিছিল ৷ এসময়ত আউনিআটী সত্ৰৰ দ্বিতীয়গৰাকী সত্ৰাধিকাৰ কেশৱদেৱ প্ৰভূ আহোম ৰজাৰ ৰাজৰোষত পৰিছিল ৷ যাৰ পৰিত্ৰাণৰ হকে এই পালনাম মহোৎসৱৰ আয়োজন কৰিছিল ৷
অৱশ্যে পৰৱৰ্তী সময়ত এই পালনাম মহোৎসৱ ৰাজকীয় আৰু সমগ্ৰ বিশ্ববাসীৰ মংগলাৰ্থে ৰাজহুৱাভাৱে আয়োজন কৰা হয় ৷ পূৰ্বৰ সেই পৰম্পৰা অটুট ৰাখিয়েই আজিও মাজুলীৰ ঐতিহাসিক আউনিআটী সত্ৰত বৰ্নাঢ্য কাৰ্যসূচীৰে এক আধ্যাত্মিকতাৰ ভাৱ বৰ্তাই ৰাখি আয়োজন কৰি অহা হৈছে পালনাম মহোৎসৱ ৷
লগতে পঢ়ক : Raas festival in Majuli: বেঙেনাআটী সত্ৰৰ ৰাস উপভোগ মুখ্যমন্ত্ৰীৰ