ETV Bharat / state

মাজুলীত 12 দিনে মুক্ত বিচৰণ অসম গৌৰৱ এশিঙীয়া গঁড়ৰ - যাদৱ পায়েং

12 দিনে মাজুলীত মুক্ত বিচৰণ অসম গৌৰৱ এশিঙীয়া গঁড়ৰ । গঁড়ৰ মুক্ত বিচৰণকলৈ কাৰ্তিক চাপৰি মুলাই কাঠনীত সন্ত্ৰাস । কাজিৰঙা পৰা হাতী আনিও দুটা দিনে খেদি পঠোৱাত ব্যৰ্থ বন বিভাগ ৷ ব্ৰহ্মপুত্ৰৰ দুৰ্গম চৰ চাপৰিত অভিযানৰ সমগ্ৰ দৃশ্য বন্দী হৈছে ইটিভি ভাৰত কেমেৰাত ।

one horn Rhino openly move in Majuli
মাজুলীত 12 দিনে মুক্ত বিচৰণ অসম গৌৰৱ এশিঙীয়া গঁড়ৰ
author img

By

Published : Mar 15, 2020, 12:23 PM IST

মাজুলী, 15 মাৰ্চ: মাজুলীত মুক্ত বিচৰণ অসম গৌৰৱ কাজিৰঙাৰ এশিঙীয়া গঁড়ৰ । এদিন দুদিন নহয় যোৱা 12 দিনে মাজুলীত মুক্ত বিচৰণ কৰি আছে অসম গৌৰৱ এশিঙীয়া গঁড়ে । এতিয়া সন্ত্ৰাসৰ সৃষ্টি কৰিছে মাজুলী কাৰ্তিক চাপৰি আৰু মুলাই চাপৰিত । খাদ্যৰ সন্ধানত কাজিৰঙাৰ পৰা ওলাই আহি মাজুলীৰ বিভিন্ন চৰ চাপৰিত বিচৰণ কৰি ফুৰিছে গঁড়টোৱে । বিশেষকৈ মাজুলীৰ ব্ৰহ্মপুত্ৰ মাজৰ কাৰ্তিক আৰু অৰণ্য মানৱ যাদৱ পায়েং সৃষ্ট মুলাই চাপৰিৰ অতব্য হাবিৰ মাজত সোমাই আছে গঁড়টো ।

বিগত 10 দিনে মাজুলী বন বিভাগ আৰু যোৰহাট বন বিভাগে যুটীয়া অভিযান চলাই গড়টোক খেদি পঠাবলৈ সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছিল । ইয়াৰ পাছত কাজিৰঙাৰ পৰা দুটাকৈ হাতী আনিও খেদি পঠিয়াবলৈ অসমৰ্থ হৈছে । গুলী ফটকা ফুটাই কাজিৰঙালৈ ওভোটাই পঠোৱাৰ আপ্ৰাণ চেষ্টা কৰিছে যদিও ব্যৰ্থ হৈ বন বিভাগ । কাৰ্তিক আৰু মুলাই চাপৰিত বসবাস কৰা লোকৰ নিদ্ৰাহৰণ কৰিছে প্ৰকাণ্ড গঁড়টোৱে । ফলত পথাৰত খেতিৰ কামৰ লগতে গোপালনৰ বাবে ঘৰৰ পৰা ওলাই যাব পৰা নাই স্থানীয় গঞা ৷

মাজুলীত 12 দিনে মুক্ত বিচৰণ অসম গৌৰৱ এশিঙীয়া গঁড়ৰ

ইফালে মাজুলী যোৰহাট দুখন জিলাৰ বন বিভাগে সৰ্বশক্তি প্ৰয়োগ কৰিও ব্যৰ্থ হৈছে ঘূৰাই পঠোৱাত । উপযুক্ত অত্যাধুনিক সা-সৰঞ্জাম নথকাৰ বাবেই সকলো চেষ্টা ব্যৰ্থ হৈছে বন বিভাগৰ । উল্লেখ্য যে, কাজিৰঙা পৰা ওলাই অহা কেইবাটাও গঁড়ে ইয়াৰ পূৰ্বে চোৰাং চিকাৰীৰ হাতত মাজুলীত মৃত্যুক সাৱতি লগা হৈছিল । চৰ চাপৰিত চোৰাং চিকাৰীৰ মুখ্য টাৰ্গেট হৈছে অসম গৌৰৱ এশিঙীয়া গঁড় ।

  • লগতে চাওক- 93 লৈ বৃদ্ধি ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.