মাজুলী, 30 এপ্ৰিল : লখিমপুৰ জিলাৰ নয়নজ্যোতি বৰুৱা নামৰ এগৰাকী যুৱকে সামাজিক মাধ্যমত মাজুলীৰ সত্ৰাধিকাৰসকলকলৈ কৰা বিৰূপ মন্তব্যৰ পাছতেই জাঙুৰ খাই উঠিছে মাজুলীৰ সত্ৰাধিকাৰ তথা দল-সংগঠন (Adverse comments about Satradhikar on social media) । মাজুলী আৰক্ষী থানাত বিশ্ব হিন্দু মহা সংঘ অসম, হিন্দু যুৱ ছাত্ৰ পৰিষদ, জেষ্ঠ নাগৰিক মঞ্চ, দামোদৰ সংঘ আদিকে ধৰি কেইবাটাও সংগঠনে যুৱক জনৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু কৰিছিল ।
ঘটনাৰ বিৱৰণী অনুসৰি, নয়নজ্যোতি বৰুৱা নামৰ এজন যুৱকে ফেচবুক পোষ্টটোত ড৹ পীতাম্বৰ দেৱ গোস্বামীক গুৰু আসনৰ সম্মুখত বহুৱাই বনোৱা ফটো ব্যৱহাৰ কৰি জন মানসত সত্ৰাধিকাৰগৰাকীক হেয় প্ৰতিপন্ন কৰাৰ প্ৰয়াস কৰিছিল (Controversial Facebook post on Satradhikar) ।
লগতে দক্ষিণপাট সত্ৰাধিকাৰগৰাকীক কটু মন্তব্য কৰিছে নয়নজ্যোতি বৰুৱা নামৰ যুৱকজনে । যাৰ বিৰুদ্ধে এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ ইয়াৰ পিছতেই নয়নজ্যোতি বৰুৱা নামৰ যুৱকজনৰ লগত তেওঁৰ পৰিয়ালৰ লোক মাজুলীত উপস্থিত হৈ সত্ৰই সত্ৰই ঘুৰি তেওঁ কৰা ভুলৰ ক্ষমা বিচৰাৰ লগতে মাজুলী থানাত উপস্থিত হয় ।
মাজুলী থানাত উপস্থিত হৈ নয়নজ্যোতি বৰুৱাই সত্ৰ সমাজ, মাজুলীবাসী ৰাইজ আৰু অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰে ৷ লগতে আহি থকা দিনত এনেকুৱা কোনো ধৰণৰ কাম নকৰে বুলি তেওঁ কয় । ইফালে, দক্ষিণ পাট গৃহাস্বমী সত্ৰৰ সত্ৰাধিকাৰ জনাদন দেৱ গোস্বামীয়ে কয়, ‘‘যিহেতু তেওঁৰ ওপৰত এটা গোচৰ ৰুজু হৈছে গতিকে উঠাই লোৱাৰ কোনো কথাই নাহে তথাপিও তেওঁ যিহেতু ক্ষমা বিচাৰিছে গতিকে আইনী প্ৰক্ৰিয়াৰ মাজেৰে কেচটো আগবঢ়াই নিব লাগে যাতে অপ্ৰীতীকৰ পৰিস্থিতিৰ সৃষ্টি নহয় ।’’
লগতে পঢ়ক: Controversial Facebook post against Satradhikar : মাজুলীৰ আউনীআটী সত্ৰত প্ৰতিবাদী সভা