ETV Bharat / state

MV Ganga Vilas : মাজুলীৰ পৰা উভতিল এম ভি গংগা বিলাস

author img

By

Published : Feb 27, 2023, 6:09 PM IST

মাজুলীৰ পৰা উভতিল এম ভি গংগা বিলাস । সোমবাৰে পুৱা কমলাবাৰী পাৰঘাটত উপস্থিত হৈছিল ২৮ গৰাকী বিদেশী পৰ্যটকসহ এম ভি গংগা বিলাস । পৰ্যটকসকলে মাজুলীৰ বিভিন্ন কলা-সংস্কৃতি আৰু সত্ৰীয়া সংস্কৃতি উপভোগ কৰে (MV Ganga Vilas left Majuli) ।

MV Ganga Bilas
মাজুলীৰ পৰা উভতিল এমভি গংগা বিলাস
মাজুলীৰ পৰা উভতিল এমভি গংগা বিলাস

মাজুলী, ২৭ ফেব্ৰুৱাৰী : যোৱা ১৩ জানুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ বাৰণসীৰ পৰা যাত্রা আৰম্ভ কৰা অত্যাধুনিক তথা বিশ্বৰ সৰ্বাধিক দূৰত্ব অতিক্ৰম কৰা ৰিভাৰ ক্ৰুইজ (World longest river cruise MV Ganga Vilas) এম ভি গংগা বিলাস সোমবাৰে আহি মাজুলীত উপস্থিত হয় (MV Ganga Vilas in Majuli Assam) । উল্লেখ্য, এম ভি গংগাবিলাস অসমত প্ৰৱেশ কৰাৰ পিচতে এই ভ্ৰমণলৈ অহা বিদেশী পৰ্যটকসকলক যাত্ৰাপথৰ উল্লেখযোগ্য পৰ্যটনস্থলবোৰ পৰিদৰ্শন কৰোৱাৰ ব্যৱস্থা লয় অসম পৰ্যটন (Assam Tourism welcome tourist of Ganga Vilas) তথা সংশ্লিষ্ট জিলাসমূহৰ কৰ্তৃপক্ষই ।

একেদৰে এই যাত্ৰাপথত এম ভি গংগা বিলাসত অহা পৰ্যটকসকলে বিভিন্ন ঠাইৰ বিভিন্ন কলা-সংস্কৃতিও উপভোগ কৰে । সোমবাৰে এম ভি গংগা বিলাস আহি মাজুলীত উপস্থিত হোৱাৰ লগে লগেই মাজুলীত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় (foreign tourist of MV Ganga Vilas in Majuli) । কমলাবাৰী পাৰঘাটত বিহুৱাসকলৰ সৈতে নাচি-বাগি বিহুৰ আমেজ লয় বিদেশী পৰ্যটকসকলেও । উল্লেখ্য, পুৱাতে কমলাবাৰী পাৰঘাটত এম ভি গংগা বিলাসত অহা পৰ্যটকসকলক আদৰণি জনায় মাজুলী জিলা প্ৰশাসনৰ তৰফৰ পৰা । আনহাতে, গংগা বিলাসত অহা পৰ্যটকসকলে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰত গায়ন-বায়ন, ঐতিহাসিক আউনিআটী সত্ৰত মাটিৰ আখৰাৰ লগতে আউনিআটী সত্ৰৰ সংগ্রহালয়ত থকা বিভিন্ন পৌৰাণিক সামগ্ৰী দৰ্শন কৰে । ইয়াৰ উপৰি চামগুৰি সত্ৰত ঐতিহাসিক মুখাশিল্পও উপভোগ কৰে ।

ইফালে মাজুলীৰ পৰিৱেশ, মাজুলীৰ সত্ৰসমূহত উপভোগ কৰা গায়ন-বায়ন, মাটি আখৰা, মুখাশিল্প উপভোগ কৰি অভিভূত হৈ পৰে বিদেশী পৰ্যটকসকল । উল্লেখ্য যে বিগত ১৩ জানুৱাৰীত উত্তৰ প্ৰদেশৰ বাৰণসীৰ পৰা যাত্রা আৰম্ভ কৰা এই এম ভি গঙ্গা বিলাসে সৰ্বমুঠ ৩ হাজাৰ ২০০ কিলোমিটাৰ যাত্রা কৰিব । এম ভি গংগা বিলাসৰ ২৮ টা বিলাস বহুল কোঠালিত আছে জাৰ্মানী আৰু ছুইজাৰলেণ্ডৰ কেইবাগৰাকীও পৰ্যটক ।

উল্লেখ্য যে, বাৰাণসীৰ পৰা যাত্ৰা আৰম্ভ কৰা বিশ্বৰ দীৰ্ঘতম যাত্ৰাপথৰ ৰিভাৰ ক্ৰু জ এম ভি গংগা বিলাসে (Worlds longest river cruise Ganga Vilas) বাংলাদেশৰ পৰা ব্ৰহ্মপুত্ৰৰে আহি ১৭ ফেব্ৰুৱাৰীত অসমত প্ৰৱেশ কৰে । ১৭ ফেব্ৰুৱাৰীৰ বিয়লি ধুবুৰীত উপস্থিত হয় এম ভি গংগা বিলাস ৷ ভাৰতীয় অন্তৰ্দেশীয় জলপথৰ জাহাজঘাটৰ সমীপৰ পৰা জাহাজখনত যাত্ৰা কৰা মুঠ ২৮ গৰাকী বিদেশী পৰ্যটকক এম ভি প্ৰতিমা নামৰ আন এখন সৰু জাহাজেৰে জাহাজঘাটলৈ অনা হয় ৷

এই পৰ্যটকসকলক ধুবুৰীত পৰ্যটন বিভাগৰ মন্ত্ৰী তথা ধুবুৰীৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং, ধুবুৰী জিলা উপায়ুক্ত দিবাকৰ নাথ প্ৰমুখ্যে লোকসকলে অসমলৈ আদৰণি জনায় ৷ ইয়াৰ পাচত Immigration Counter-ত বিদেশী পৰ্যটকসকলৰ যাৱতীয় নথি পৰীক্ষা কৰা হয় ৷ আনহাতে, জাহাজঘাটতে স্থাপন কৰা অস্থায়ী মণ্ডপত তেওঁলোকে কোচ ৰাজবংশীয় লোকনৃত্য, গোৱালপৰীয়া লোকগীত আদি উপভোগ কৰে ৷

১৩ জানুৱাৰীত যাত্ৰা আৰম্ভ কৰা জাহাজখনে ৩,২০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি অহা ১ মাৰ্চত ডিব্ৰুগড়ত উপস্থিত হ'বগৈ ৷ আই ডব্লিউ টি আইৰসঞ্চালক এ ছিলভা কুমাৰে জনোৱা মতে, ২৮ জনীয়া বিদেশী পৰ্যটকৰ দলটো ১ মাৰ্চত ডিব্ৰুগড়ৰ পৰা উভতি যোৱাৰ পিচত বিদেশী পৰ্যটকৰ আন এটি দলে ভাৰত আৰু অসমত প্ৰৱেশ কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ অহা তিনি বছৰলৈকে বহু পৰ্যটকে আগতীয়াকৈ গংগা বিলাস বুকিং কৰাৰ কথাও জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :Morigaon buffalo fights : কলমৌবাৰীত গোনা ম’হৰ সমানে গুৱালৰ মাজতো লাগিল যুঁজ; তাকে দেখি হতভম্ব দৰ্শক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.