ETV Bharat / state

Keshab Mahanta in Majuli : অসহায় মন্তব্য স্বাস্থ্য মন্ত্ৰীৰ- মাজুলীলৈ চিকিৎসক নাহে - Minister Keshav Mahanta helpless remarks

মাজুলীৰ পয়ালগা স্বাস্থ্যখণ্ডক লৈ অসহায় মন্তব্য বিভাগীয় মন্ত্ৰী কেশৱ মহন্তৰ ৷ "মাজুলীলৈ চিকিৎসক আহিব নিবিচাৰে ৷ পদত্যাগ কৰে ৷’’ এই ভাষ্য অসহায় স্বাস্থ্য মন্ত্ৰীৰ ৷

Keshab Mahanta in Majuli
মাজুলীত অসহায় মন্তব্য মন্ত্ৰীৰ
author img

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 7:53 PM IST

মাজুলীত অসহায় মন্তব্য মন্ত্ৰীৰ

মাজুলী,7 অক্টোবৰ : ৰাজ্যৰ ভিতৰতে মাজুলীৰ স্বাস্থ্যখণ্ডৰ কিয় পয়ালগা অৱস্থা হৈছে ! অন্য জিলাৰ তুলনাত মাজুলী জিলাৰ চৰকাৰী চিকিৎসালয়ত অধিক সুবিধা থকাৰ পাচতো কিয় ৰাইজে সুফল পোৱা নাই ! তাৰ ৰহস্য ফাদিল কৰিলে স্বয়ং স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৷

শনিবাৰে মাজুলীৰ 50 খন বিচনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি অসহায় মন্তব্য স্বাস্থ্যমন্ত্ৰীৰ ৷ মাজুলীৰ স্বাস্থ্যখণ্ডৰ দুৰৱস্থাক লৈ মন্ত্ৰী কেশৱ মহন্তই কলে,‘‘ মাজুলীলৈ আহিব নিবিচাৰে চিকিৎসক ৷ চিকিৎসক যদি আমি পঠিয়াও তেতিয়া হ’লে কেইদিনমান কাম কৰি গুচি যায় ৷ লগতে পদত্যাগ কৰে চিকিৎসকে ৷’’

তেওঁ লগতে কয়, ‘‘যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা টেকনিচিয়ান পঠিয়াও কিন্তু আহিব নিবিচাৰে ৷ মাত্ৰ দুদিন-তিনিদিন কাম কৰিয়ে ঘুৰি যায় ৷ আমি বাধ্যতামূলক কৰিব বিচাৰিলে পদত্যাগ কৰে ৷ আন জিলাৰ তুলনাত মাজুলীলৈ জোৰা-তাপলি মাৰি ব্যৱস্থা কৰি দিও কিন্তু মানুহ নাহে ৷’’

‘‘মাজুলীৰ পৰা অন্য জিলাত গৈ কৰ্মৰত চিকিৎসক, নাৰ্চ বা টেকনিচিয়ানৰ এখন তালিকা বিচাৰিছিলো মাজুলীৰ বিধায়কৰ পৰা ৷ কিন্তু তালিকাত দেখা গ’ল টেকনিচিয়ান পঢ়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম ৷ এজন ওলাইছিল, তেওঁক মাজুলীতে আমি চাকৰি দিছো ৷ মাজুলীৰ মানুহ যাতে মাজুলীতে কাম কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছো ৷’’

আন জিলাৰ সৈতে মাজুলীৰ দুৰ্বল যোগাযোগ ব্যৱস্থাই ইয়াৰ স্বাস্থ্যখণ্ডৰ বাবে হেঙাৰ নেকি ! কিয়নো বাৰিষাকালত বহিঃজিলাৰ সৈতে মাজুলীৰ যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰে ৷ এই কথা স্বাস্থ্য মন্ত্ৰীয়ে উল্লেখ নকৰিলেও মৰ্মে মৰ্মে উপলব্ধি কৰে মাজুলীবাসীয়ে ৷ সেয়ে দীৰ্ঘদিনে দাবী কৰা মাজুলী-নিমাতি সংযোগী দলং কেতিয়া সম্পূৰ্ণ হ’ব আজিৰ দিনত এয়া ডাঙৰ প্ৰশ্ন ৷

লগতে পঢ়ক;Protest in Majuli: মাজুলীত বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.