ETV Bharat / state

Tejaswita death investigation: তেজস্বিতাৰ মৃত্যুৰ তদন্তৰ সাক্ষ্য প্ৰদানৰ বাবে আহিল বহু লোক - investigation into Tejaswita death

তেজস্বিতাৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া আগুৱাই যোৱাত আশাৰ ৰেঙনি ৷ আজি সাক্ষ্য দিবলৈ আহিল 11 জনকৈ লোকে ৷ ইয়াত আছিল 7 টা সংগঠনৰ লগতে 4 গৰাকী ব্যক্তি । উপস্থিত সকলোৰে সাক্ষ্য গ্ৰহণ কৰা হয় বুলি জনাই তদন্তৰ দায়িত্বত থকা ড৹ সঞ্জীৱ কুমাৰ ফুকনে ৷ পৰিয়ালৰ লোকৰ ঘৰলৈ গৈও সাক্ষ্য গ্ৰহণ কৰা হ’ব । অহা ৬ দিনৰ ভিতৰত জমা দিব লাগিব তদন্তৰ প্ৰতিবেদন ।

Last day of testimony investigation into Tejaswitas death
তেজস্বিতাৰ মৃত্যুৰ তদন্তৰ সাক্ষ্য গ্ৰহণৰ আজি আছিল অন্তিমটো দিন
author img

By

Published : Oct 19, 2022, 9:11 PM IST

মাজুলী, 19 অক্টোবৰ: যোৱা 5 অক্টোবৰত ৰাজ্যৰ সকলোতে উদযাপন হৈছিল মহাপুৰুষ শংকৰদেৱৰ জন্মোৎসৱ (Birth ceremony of Sankardeva)। নদী দ্বীপ মাজুলীও ইয়াৰ ব্যতিক্ৰম নাছিল ৷ এই শংকৰ জন্ম জয়ন্তীত গাঁৱৰ নামঘৰত বৰগীত গাবলৈ বুলি গৈছিল মাজুলীৰ উদীয়মান কণ্ঠশিল্পী তেজস্বিতা বৰুৱা । কিন্তু অনুষ্ঠান পৰিবেশনৰ মাজতে নামঘৰতেই অসুস্থ হৈ পৰিছিল কণ্ঠশিল্পী তেজস্বিতা ৷ পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে ততাতৈয়াকৈ মাজুলী জিলা চিকিৎসালয়লৈ লৈ গৈছিল কণ্ঠশিল্পীগৰাকীক (Tejaswita Baruah of Majuli)।

কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে গড়মূৰ জিলা অসামৰিক চিকিৎসালয়তে মৃত্যু হয় তেজস্বিতাৰ (Junior artist Tejaswita Baruah death)। চিকিৎসালয়খনত তেজস্বিতাৰ মৃত্যু অক্সিজেনৰ অভাৱত হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ তুলিছিল । পৰিয়াল তথা স্থানীয় ৰাইজে কৈছিল অক্সিজেনৰ অভাৱত চিকিৎসালয়ৰ বিচনাত চটফটাই থাকি অৱশেষত এই পৃথিৱীৰ পৰা বিদায় মাগে কণ্ঠশিল্পীগৰাকীয়ে ।

তেজস্বিতাৰ মৃত্যুৰ তদন্তৰ সাক্ষ্য গ্ৰহণৰ আজি আছিল অন্তিমটো দিন

তাৰ পাচতেই ৰাজ্যজুৰি চৰ্চা হয় বিষয়টো ৷ চিকিৎসা খণ্ডৰ ফোঁপোলা স্বৰূপটোক লৈ বিভিন্নজনে সমালোচনা কৰা দেখা যায় ৷ বিৰোধী দলসমূহেও এই ঘটনাক লৈ সমালোচনাৰে থকা-সৰকা কৰে চৰকাৰক ৷ অৱশেষত গড়মূৰ জিলা অসামৰিক চিকিৎসালয়ৰ অধীক্ষকজনক নিলম্বন কৰাৰ লগতে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে চৰকাৰে ৷ ঘোষণা কৰা হয় দণ্ডাধীশ পৰ্যায়ৰ তদন্ত (Prove on Tejaswita Baruah death) ৷

এই তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছিল ড৹ সঞ্জীৱ কুমাৰ ফুকনৰ ওপৰত । তদুপলক্ষে উক্ত ঘটনাৰ সাক্ষী দিবৰ বাবে প্ৰত্যক্ষদৰ্শী সাধাৰণ ৰাইজ, দল-সংগঠনক নিজৰ নিজৰ বক্তব্য আগবঢ়াবলৈ আহ্বান জনাইছিল ড৹ ফুকনে ।

পৰিতাপৰ কথা, প্ৰথম অৱস্থাত এজনো ব্যক্তিয়ে সাক্ষ্য প্ৰদান কৰিব নাহিল তেজস্বিতাৰ মৃত্যু সন্দৰ্ভত । পিছত আকৌ ড৹ ফুকনে বুধবাৰৰ ভিতৰত জিলা উপায়ুক্ত কাৰ্যালয়ৰ তদন্তকাৰী বিষয়াৰ কক্ষত সাক্ষ্য দিবলৈ আহ্বান জনাইছিল ৷

কিন্তু এইবাৰ যেন আশাৰ ৰেঙনি দেখা পালে তেজস্বিতাৰ মৃত্যুৰ তদন্তই ৷ কিয়নো আজি সাক্ষ্য দিবলৈ আহিল 11 জনকৈ লোকে ৷ ইয়াৰ ভিতৰত আছিল 7 টা সংগঠনৰ সদস্যৰ লগতে 4 গৰাকী ব্যক্তি । সকলোৰে সাক্ষ্য গ্ৰহণ কৰা হয় বুলি জনাই ড৹ ফুকনে ৷ ড৹ ফুকনে লগতে জনাই যে ইয়াৰ পিছত পৰিয়ালৰ লোকৰ ঘৰলৈ গৈও সাক্ষ্য গ্ৰহণ কৰিব । উল্লেখ্য যে অহা ৬ দিনৰ ভিতৰত জমা দিব লাগিব তদন্তৰ প্ৰতিবেদন ।

লগতে পঢ়ক: তেজস্বিতাৰ চিকিৎসাত যদি গাফিলতি নাছিলেই তেন্তে অধীক্ষকক নিলম্বন কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.