ETV Bharat / state

নতুন জীৱন প্ৰদান সাঁচিপাতৰ পুথিক - মাজুলী

ইণ্ডিয়ান নেছনেল ট্ৰাষ্ট ফৰ' আৰ্ট এণ্ড কালচাৰেল হেৰিটেজ প্ৰশংসনীয় পদক্ষেপ

সাঁচিপাতৰ পুথিক নতুন জীৱন
author img

By

Published : Mar 3, 2019, 11:10 PM IST

গুৰুজনাৰ সৃষ্টিৰাজি সম্বলিত সাঁচিপাতৰ পুথিয়েলাভ কৰিলে নতুন জীৱন । সোণালী ঐতিহ্য বহনকাৰী সভ্যতা সংস্কৃতি,ভাষা সাহিত্যৰ এই সমলসমূহক ডেৰশ বছৰীয়া নতুন জীৱন দিলে ইণ্ডিয়ান নেছনেল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজ চমুকৈ ইনটেকে । এক বিশেষ প্ৰতিবেদন ...

সাঁচিপাতৰ পুথিক নতুন জীৱন

গুৰুজনাৰ সৃষ্টিৰাজি সম্বলিত সাঁচিপাতৰ পুথিয়েলাভ কৰিলে নতুন জীৱন । সোণালী ঐতিহ্য বহনকাৰী সভ্যতা সংস্কৃতি,ভাষা সাহিত্যৰ এই সমলসমূহক ডেৰশ বছৰীয়া নতুন জীৱন দিলে ইণ্ডিয়ান নেছনেল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজ চমুকৈ ইনটেকে । এক বিশেষ প্ৰতিবেদন ...

সাঁচিপাতৰ পুথিক নতুন জীৱন
৬৩১ খন সাঁচিপাতৰ পুথিয়ে পালে নতুন প্ৰান।    ডেৰ শ বছৰ জীৱন প্ৰদান।        
 V.O-- শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ , সমসাময়িক আতা আতৈ বৈষ্ণৱ ধৰ্ম গুৰু বৈষ্ণৱ পণ্ডিত, সত্ৰাধিকাৰ আদিয়ে পৰম্পৰাগত পদ্ধতিৰে সাঁচিপাত প্ৰস্তুত কৰিছিল। অশেষ কষ্ট পৰিশ্ৰম ত্যাগ স্বীকাৰ কৰি মহী- কাপৰ জৰিয়তে লিখি গৈছিল ইখনৰ পাছত সিখন পুথি। সেই সাঁচিপাতৰ পুথিয়ে সামাজিক ,ৰাজনৈতিক, অৰ্থনৈতিক সাহিত্য ,সংস্কৃতি সভ্যতা, চিকিৎসা, জীৱজগত, প্ৰাকৃতিক সমল ঐতিহ্য, আদি  বিভিন্ন বিষয়ত সমসাময়িক সমাজ খনৰ চবি দাঙি ধৰিছে।কিন্তু অতি পৰিতাপৰ কথা বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ জয় জয় কাৰৰ দিনটো সত্ৰ ই যেনেদৰে ৰাখিব লাগিছিল ৬ শ বছৰীয়া সম্পদসমূহ ৰাখিব নোৱাৰাত বহু পুথি ইতিমধ্যে নষ্ট হৈ কালৰ বুকুত হেৰাই গল। বান খহনীয়াৰ  দৰে প্ৰকৃতিক দুৰ্যোগৰ সন্মুখীন হোৱা সত্ৰ খনে আওপুৰণি পদ্ধতিৰে সংৰক্ষণ কৰাৰ ফলত বহুতো পুথি নষ্ট হল ।খহনীয়া ত পতিত হোৱা দক্ষিনপাট সত্ৰ ঈ ভেতি সলাওতে ইঠাইৰ পৰা সিঠাইলৈ আনি বৰ্তমান এটা জৰাজীৰ্ন ভৰাল ঘৰত থৈছিল। সোনালী ঐতিহ্য বহনকাৰী সাচিপাতৰ মহী কাপৰ নিগৰিত সভ্যতা সংস্কৃতি ভাষা সাহিত্য সমূহক ডেৰশ বছৰীয়া নতুন জীৱন দিলে ইণ্ডিয়ান নেছনেল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কাৰলাছ চমুকৈ ইনটেক,নামৰ সংস্থাই ।নেদাৰলেণ্ডৰ মুঠ ১৫ লাখ টকা অৰ্থ সাহায্য ৰে ১০ মাহত তেওঁলোকৰ প্ৰকল্প শেষ কৰে ।সত্ৰৰ চয়জন বৈষ্ণৱ ক প্ৰশিক্ষণ প্ৰদান কৰি বিজ্ঞান সন্মত সংৰক্ষণ ৰ ব্যৱস্থা কৰে ।৬৩১ খন সাচিপাতৰ পুথি ২১ হাজাৰ পৃষ্ঠা সম্পূৰ্ণ ডিজিটাইজেন কৰে । এচিদ ফ্ৰী পেপাৰ মাউন্ট বৰ্ড ৰঙা কাপোৰে মেৰিয়াই বাকচত ভৰাই আকৌ আলমাৰিত ৰখাৰ ব্যৱস্থা কৰিছে ‌।বুৰঞ্জী বিদ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডঃ শীলা বৰাৰ নেতৃত্বত এই সংৰক্ষণ আচনিৰ কাম শেষ হয় । ৬ জন ভকতক প্ৰশিক্ষণ প্ৰদান কৰি মানপ্ৰত্ৰ প্ৰদান কৰে । স্বাভাৱিক তে ১০ মহীয়া সাচিপাত সংৰক্ষণ আচনিয়ে নতুন জীৱন দিলে ঐতিহাসিক সম্পদ সমূহক ।


মাজুলীৰ পৰা যদুমনি শইকীয়া ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.