ETV Bharat / state

মাজুলীত মনগীত মহোৎসৱত পাপন - Celebrate Mongeet Festival of Music

Mangeet festival: সংগীতৰ মায়াজালে আৱৰিছে মাজুলীক । মাজুলীত চলিছে এতিয়া সংস্কৃতি ৰক্ষাৰ আখৰা । ৰাহুল কৌশিক নাথ ফাউণ্ডেচনৰ উদ্যোগত ১০ জানুৱাৰীৰ পৰা মাজুলীৰ লুইতৰ পাৰত ডেকা চাঙৰ বোকোচাত অনুষ্ঠিত হৈছে মনগীত মহোৎসৱ । মঙলবাৰে উপস্থিত থাকে কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত ।

Mangeet festival held in Majuli
মাজুলীত মনগীত মহোৎসৱত পাপন
author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 8:01 PM IST

মাজুলীত মনগীত মহোৎসৱত পাপন

মাজুলী,১৬ জানুৱাৰী: মাজুলীৰ লুইতৰ পাৰত ডেকাচাঙৰ বোকোচাত অনুষ্ঠিত হৈছে মনগীত মহোৎসৱ । লুইতৰ পাৰত ডেকাচাঙত সংগীতৰ মায়াজাল । ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পীয়ে ভিৰ কৰা লুইতৰ পাৰৰ ডেকাচাঙত অনুষ্ঠিত হৈছে মনগীত মহোৎসৱ । ৰাহুল কৌশিক নাথ ফাউণ্ডেচনৰ উদ্যোগত ১০ জানুৱাৰীৰ পৰা অনুস্থিত হৈছে মনগীত সংগীত মহোৎসৱ । মঙলবাৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই ।

ইয়াৰ উপৰিও, জয় বৰুৱা, আদিল হুছেইন আদিয়েও অংশগ্ৰহণ এই মহোৎসৱত । লুইতৰ পাৰত গুৰুগৃহত চলিছে গীতৰ সভা । লুইতৰ পাৰত গুৰুগৃহত ন-শিকাৰুৰ সৈতে ৰসাল আদ্দাত ভাগ লৈ গীত গাই, বাৰ্তালাপত ভাগ লয় কণ্ঠশিল্পী পাপনে । মনগীতৰ জড়িয়তে ন-শিকাৰু সকলক এক বিশেষ পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত কাম কৰি যোৱাৰ সংকল্প আৰু উদেশ্যৰ কথাও ব্যক্ত কৰে উদ্য়োক্তাসকলে । গীতৰ লগতে মন তুলিকা, মন মৃতিকা আদি অনুষ্ঠানো অনুষ্ঠিত হয় এই মহোৎসৱত ।

উল্লেখ্য যে অসমৰ একাংশ শিল্পী, গীতিকাৰ, অভিনেতাৰ নেৰানেপেৰা প্ৰচেষ্টাৰ ফলতে অসমীয়া সংগীত ক্ষেত্ৰখনৰ ইতিহাসত নতুন মাত্ৰা প্ৰদান কৰি 2020 বৰ্ষত সৃষ্টি হৈছিল নতুন এক সাংগীতিক ধাৰা ‘মনগীত’ ৷ য'ত ভিন্ন ক্ষেত্ৰত অসমৰ নাম জিলিকাই তোলা বহু শিল্পীয়ে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে । তাৰ পিছৰে পৰাই অসমৰ বাপতিসাহোন ভোগালী বিহুৰ মাজতে সংগীত জগতৰ কলাকাৰসকলে থলুৱা কথা-সুৰ-বাদ্যৰে ‘মন গীত’ - ‘Soul Song,’ অনুষ্ঠিত কৰি আহিছে ৷ এইবাৰো এই বৃহৎ অনুষ্ঠানৰ সাক্ষী হৈ ৰৈছে মাজুলীৰ উত্তৰ বাহিনী নৈ ‘লোহিত’ আৰু প্ৰখ্যাত ৰিজ’র্ট ‘ডেকা চাং’ ৷

লগতে পঢ়ক: পহিলা মাঘত আঁহতগুৰিত সপত্নীক ম’হযুঁজ উপভোগ মুখ্যমন্ত্ৰী শৰ্মাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.