ETV Bharat / state

পদূলি মুখত ৰঙালী, তাঁতৰ শালত ব্যস্ত মাজুলীৰ শিপিনী

author img

By

Published : Mar 21, 2022, 10:37 PM IST

গৰকাত দুভৰিৰ গিৰিপনি, তাঁতৰশালত মাঁকোৰ খিতখিতনি । মৰমৰ দীঘেৰে চেনেহৰ বানীৰে চেনাইলৈ বৈছে বিহুৱান । বসন্তৰ পৰশ পাই গছে বনে সলাইছে পাত । মাজুলীৰ শিপিনিৰো ততে নাই গাত (Majuli weavers busy with weaving work) ।

weaver are busy in weaving work of majuli
পদূলি মুখত ৰঙালী, তাঁতৰ শালত ব্যস্ত মাজুলীৰ শিপিনী

মাজুলী,২১ মাৰ্চ: ব'হাগ মানেই কপৌফুল, ব'হাগ মানেই দুহাতত জেতুকাৰ বোল । ব'হাগ মানেই যেন মৰমৰ আদান প্ৰদান । ৰাংঢালী নাচনীলৈ ৰংমন বিহুৱাই পাহাৰ বগাই আনে কপৌফুল জেতুকা আৰু বিহুতলীত চেনাইক যাঁচিব লাগিব বিহুৱান । এয়াই যেন সাতামপুৰুষীয়া পৰম্পৰা । এই পৰম্পৰা ৰক্ষাৰ বাবেই ৰঙালীৰ প্ৰাকক্ষণত তাঁতশালত ব্যস্ত হৈ পৰিছে শিপিনিসকল ।

অসমীয়াৰ বাপতি সাহোন ৰঙালী বা বহাগ বিহুলৈ মাজত মাথো কেইটামান সপ্তাহ । বহাগ বুলিলেই অসমীয়া প্রতিজন লোকৰ গা সাতখন আঠখন হয় । বহাগে চঞ্চল কৰে অসমীয়া প্ৰতিজন ডেকা গাভৰুৰ মন ।

যিমানেই অসমীয়াৰ বাপতি সাহোন হেপাহৰ ৰঙালী বিহুটি ওচৰ চাপি আহিছে সিমানেই যেন ব্যস্ততা বাঢ়িছে শিপিনী সকলৰ । মাজুলীৰ শিপিনিসকলৰো এতিয়া মুৰ তুলিবলৈ আহৰি নাই । যিমানেই ওচৰ চাপি আহিছে বিহুৰ দিন সিমানেই তাঁতৰ শালত ব্যস্ত হৈ পৰিছে এই সকল শিপিনী (Majuli weavers busy with weaving work) । তাঁতৰ খট খট শব্দই ৰজন জনাই আছে মাজুলীৰ বিভিন্ন অঞ্চল । বাপতি সাহোন ৰঙালী বিহু বুলি কোনোৱে যদি লগাইছে ৰুমাল আকৌ কোনোৱে লগাইছে গুটিফুলৰ গামোছা ।

এইবছৰ শিপিনী সকলৰ ব্যস্ততা দুগুণেই বাঢ়িছে, কিয়নো যোৱা দুটা বছৰত ক'ভিড মহামাৰীৰ ভয়াবহতাৰ বাবেই এই হেপাহৰ বিহুটি পালন কৰাত যথেষ্ট বাধ্য বাধকতা আহি পৰিছিল । এই বছৰ ক'ৰণা মহামাৰীৰ পৰা কিছু পৰিমাণে মুক্ত হোৱাৰ বাবে উলহ মালহেৰে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটি পালন কৰিবলৈ সাজু হৈছে সমগ্ৰ ৰাজ্যৰ লগতে মাজুলী বাসীও ।

লগতে পঢ়ক: ব'হাগ পালেহি: আমগুৰিত বিহুনাচৰ কৰ্মশালা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.