মাজুলী, 28 অক্টোবৰ : চৰকাৰৰ শেহতীয়া অপ্ৰাদেশীকৃত বিদ্যালয় প্ৰাদেশীকৰণ প্ৰক্ৰিয়াৰ পৰা বঞ্চিত হোৱা আশংকাত ভুগিছে বহু সংখ্যক বিদ্যালয়ৰ বেঞ্চাৰ শিক্ষক-শিক্ষয়ত্ৰীয়ে । দীৰ্ঘদিন ধৰি বিনা বেতনত ছাত্ৰ-ছাত্ৰীক পোহৰ বিলাই অহা তেনে বহু শিক্ষক-শিক্ষয়ত্ৰী এতিয়া নিজৰ জীৱন অন্ধকাৰৰ মাজলৈ যোৱাৰ শংকাত ভুগিবলগীয়া হৈছে ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে মাজুলীতো অপ্রাদেশীকৃত বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্রী সকলে তেওঁলোকৰ চাকৰি প্ৰাদেশীকৰণ নোহোৱাত দুখত ভাগি পৰিছে ৷ এই সকল শিক্ষক-শিক্ষয়ত্ৰীয়ে এতিয়া তেওলোকৰ চাকৰি সমূহ প্ৰাদেশীকৰণ কৰিবলৈ চৰকাৰ তথা শিক্ষা বিভাগৰ ওচৰত দাবী জনাইছে ৷
লগতে পঢ়ক: পশ্চিমবংগত বিজেপি কৰ্মীক গুলিয়াই হত্যা