মাজুলী,১৬ ফেব্ৰুৱাৰী: মাজুলীৰ উন্নয়নৰ বাবে কাম কৰি অহা মাজুলীৰ বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কৃতজ্ঞতা জনাবলৈ বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । অহা ১৮ ফেব্ৰুৱাৰীত ফুলনিত অনুষ্ঠিত হ'ব লগা স্নেহাশিস-২০২১ শীৰ্ষক এই কাৰ্যসূচীৰ জৰিয়তে মাজুলীবাসীয়ে কৃতজ্ঞতা জনাব সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীক । মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনাবলৈ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে মাজুলীত । প্ৰায় ১০ হাজাৰ খন ফুলাম গামোচাৰে মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনাবলৈ সাজু হৈছে মাজুলীবাসী । যাৰ বাবে এতিয়া মাজুলীৰ প্ৰতিখন গাঁৱৰ শিপিনীসকলো অত্যন্ত ব্যস্ত হৈ পৰিছে । লক্ষাধিক লোকৰ সমাৱেশ হোৱাৰ আশা কৰা হৈছে স্নেহাশিষ কাৰ্যসূচীত । সেয়ে তীব্ৰ গতিত কাম চলিছে মঞ্চ নিৰ্মাণৰ ।
ফুলনি ৰংগমঞ্চত আয়োজিত এক সংবাদমেলত আহ্বায়ক সমিতিয়ে জনোৱা মতে উক্ত অনুষ্ঠানতে ভিডিঅ' কনফাৰেঞ্চ যোগে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ কাম আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব । অনুষ্ঠানত কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী উপস্থিত থকাৰ সম্ভাৱনা আছে । যাৰ বাবে ফুলনিত তিনিখনকৈ অস্থায়ী হেলিপেড নিৰ্মাণৰ কামো তীব্ৰ গতিত চলি আছে । মুঠতে এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ এতিয়া আগ্ৰেহেৰে ৰৈ আছে মাজুলীবাসী ।
লগতে পঢ়ক:COVID-১৯ৰ পৰা পৰিত্ৰাণ বিচাৰি মাজুলীত মহা পালনাম আৰু ভাওনা