মাজুলী, 6 জানুৱাৰী: সোমবাৰে মাজুলীৰ অফলামুখ ঘাটৰ পৰা নিমাতী অভিমুখে গৈ থকা জাহাজত অঘটন ৷ ব্ৰহ্মপুত্ৰৰ বালিত জাহাজ খন লাগি ধৰাক লৈ যাত্ৰীৰ মাজত সৃষ্টি হয় এক হাহাকাৰ পৰিস্থিতিৰ ৷ ৰাতিপুৱা 8 বজাত সংঘটিত হয় এই অঘটন ৷ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনৰ জাহাজ খন, বালিত লাগি ব্ৰহ্মপুত্ৰৰ মাজত 30 মিনিত আবদ্ধ হৈ পৰে ৷ দুই শতাধিক যাত্ৰীৰে ভৰা জাহাজখন বৰ্তমানো চলাচল কৰিব পৰা নাই ৷ উল্লেখ্য যে, 12 খনকৈ চাৰিচকীয়া আৰু 50 খনৰো অধিক দুচকীয়া বাহন বোজাই কৰি ৰাওনা হৈছিল জাহাজখন ৷
![যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5609586_image.jpg)
লগতে পঢ়ক: নলবাৰীত জ্বলিল ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি