ETV Bharat / state

29 নৱেম্বৰৰ পৰা দ্বিতীয় বৃন্দাবনত পৰিণত হ’ব মাজুলী

author img

By

Published : Nov 25, 2020, 2:28 PM IST

ক'ভিড প্রট'কল মানি ২৯ নবেম্বৰৰ পৰা মাজুলীত আৰম্ভ হ'ব ৰাস মহোৎসৱ । শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰত মাজুলী পৰিণত হ'ব দ্বিতীয় বৃন্দাবনলৈ । য'ত কৃষ্ণৰ লগত বৃন্দাবনত নৃত্য কৰিব ১৬০০ গোপীয়ে । ৰাসৰ আখৰাত ব্যস্ত হৈছে কলা-কুশলী সকল ।

majuli rash festival
majuli rash festival

মাজুলী, 25 নবেম্বৰ : মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱলৈ মাজত মাথো কেইটামান দিন । চৰকাৰ, প্ৰশাসনৰ নীতি-নিয়ম মানি ৰাস পাতিবলৈ সাজু হৈছে ৰাস সমিতি সমূহ । শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰত মাজুলী পৰিণত হ'ব দ্বিতীয় বৃন্দাবনলৈ । য'ত কৃষ্ণৰ লগত বৃন্দাবনত নৃত্য কৰিব ১৬০০ গোপীয়ে । মাজুলীৰ দৰিয়া পাৰত যুৱ সমন্বয় কৃষ্টি সংঘই মাজুলী মহাবিদ্যালয়ৰ খেলপথাৰত অস্থায়ী প্ৰেক্ষাগৃহ নিৰ্মাণ কৰি ৰাস পাতিবলৈ সাজু হৈছে ৷ তাৰ বাবে ৰাসৰ আখৰাত ব্যস্ত হৈছে কলা কৌশলী সকল । নতুন নতুন কাৰিকৰী কৌশল প্ৰয়োগ কৰি ৰাস দৰ্শনাৰ্থীক আকৰ্ষণ কৰা যুৱ সমন্বয় কৃষ্টি সংঘ মাজুলীয়ে এইবাৰো অসমৰ ৰাইজৰ উপস্থিতি কামনা কৰিছে ।

প্ৰশাসনে জাৰী কৰা নতুন প্ৰট'কল অনুসৰি মাজুলীতো এইবাৰ ৰাসমঞ্চ সমূহে প্ৰেক্ষাগৃহৰ ৫০ শতাংশ আসন বা সৰ্বাধিক দুশ গৰাকী দৰ্শকক লৈ ৰাস মঞ্চস্থ কৰিব পাৰিব ৷ প্ৰথমদিনা ৰাসৰ ৪৮ ঘণ্টা পূৰ্বেই প্ৰতিগৰাকী শিল্পী, কলা-কুশলী, উদ্যোক্তা তথা স্বেচ্ছাসেৱকৰ ক'ভিড-১৯ স্বাব টেষ্ট কৰোৱাটো বাধ্যতামূলক হ'ব । তদুপৰি, দহ বছৰৰ অনুৰ্ধ শিশু আৰু ৬৫ বছৰ বয়সৰ ওপৰৰ লোকে ৰাসত অভিনয় কৰিব নোৱাৰাৰ লগতে এই দুই বয়সসীমাৰ কোনেও ৰাসৰ আয়োজনত অংশগ্ৰহণ কৰা বা দৰ্শক হ'বও নোৱাৰিব ।

দ্বিতীয় বৃন্দাবনত পৰিণত হ’ব মাজুলী

একেদৰে, ১১ বছৰৰ পৰা ১৮ বছৰৰ অনুৰ্ধ নাবালক শিল্পী, কলা-কুশলীয়ে ৰাসত অভিনয় কৰিবলৈ হ'লে অভিভাৱকৰ পৰা আগতীয়া লিখিত অনুমতি ল'ব লাগিব আয়োজক সমিতিয়ে । প্ৰতিখন ৰাসথলীতে উদ্যোক্তা আৰু স্বেচ্ছাসেৱীসকলৰ বাবে মুখত মাস্ক পৰিধান কৰা, হাত ছেনিটাইজাৰেৰে পৰিষ্কাৰ কৰি ৰখা আৰু ন্যূনতম সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে ক'ভিড-১৯ সম্পৰ্কীয় সতৰ্কতামূলক নিৰ্দেশনা পালন কৰিব লাগিব । আনহাতে মুখত মাস্ক নিপিন্ধাকৈ কোনো দৰ্শককে ৰাসৰ প্ৰেক্ষাগৃহত প্ৰৱেশ কৰিবলৈ দিব নোৱাৰিব আয়োজকসকলে । প্ৰট'কল অনুসৰি দৰ্শকৰ বাবে প্ৰেক্ষাগৃহত পৃথক প্ৰৱেশ আৰু প্ৰস্থানৰ ব্যৱস্থাৰ লগতে প্ৰতিটো প্ৰৱেশ পথতে 'থাৰ্মেল স্কেনাৰ' আৰু হেণ্ড ছেনিটাইজাৰৰ ব্যৱস্থাও ৰাখিব লাগিব উদ্যোক্তাসকলে ।

লগতে পঢ়ক : আহি আছে নিভাৰ : তামিলনাডুত সতৰ্কতা জাৰী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.